ডাউনলোড
মোবাইল এপ

android apple
signal

মে’ মাহৰ প্ৰথমটো দেওবাৰ বিশ্ব হাস্য দিৱস হিচাপে পালন

স্বাস্থ্যৰ ওপৰত হাঁহিৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে আজি বিশ্ব হাস্য দিৱস পালন কৰা হৈছে। মে’ মাহৰ প্ৰথমটো দেওবাৰে বিশ্বজুৰি এই দিৱস পালন কৰা হয়। হাস্য যোগ আন্দোলনৰ হোতা ডা০ মদন কাটাৰীয়াই ১৯৯৮ চনত এই দিৱস উদযাপনৰ আৰম্ভণি কৰিছিল। ব্যক্তিৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আৱেগিক স্বাস্থ্যৰ ক্ষেত্ৰত সুপ্ৰভাৱ বিস্তাৰ কৰে বুলি তেওঁ উল্লেখ কৰিছিল। বিশ্ব হাস্য দিৱসৰ উদযাপনে বিশ্ব শান্তি স্থাপনৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে বুলি আশা কৰা হয়। তদুপৰি হাস্য দিৱসৰ কাৰ্যসূচীয়ে বিশ্বজনীন ভাতৃত্ববোধ আৰু বন্ধুত্বৰ সম্পৰ্ক শক্তিশালী কৰে বুলিও বিশ্বাস কৰা হয়। উল্লেখযোগ্য যে বিশ্বৰ ১১৫ খন দেশত হাস্য ক্লাবসমূহে হাস্য যোগ আন্দোলনৰ গুৰি ধৰাৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। অসমতো আজি বিশ্ব হাস্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। তেজপুৰত আজি বিশ্ব হাস্য দিৱস উপলক্ষে তেজপুৰ হাস্য সংঘৰ উদ্যোগত এটা শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পাছতে অনুষ্ঠিত এখন সভাত কেইবাগৰাকীও চিকিৎসক আৰু সমল ব্যক্তিয়ে শৰীৰৰ বাবে হাঁহিৰ উপকাৰিতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

অধিক পঢ়ক

সকলো চাওক