● অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অর্থনীতি বিভাগৰ গৱেষক ছাত্র তথা নলবাৰীৰ বেলশৰৰ সন্তান মৃগাংক বৰ্মনক এছিয়াৰ অন্যতম কৃষি সন্মিলন আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত ভাৰতৰ সমন্বয়ক হিচাপে স্বীকৃতি দিয়া হৈছে। এই সন্মিলনত বিশ্বৰ নানা দেশৰ আগশাৰীৰ কৃষি বিজ্ঞানী, গৱেষক, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চলিত বছৰৰ ছেপ্তেম্বৰত থাইলেণ্ডৰ বেংককত হ’বলগীয়া এই সন্মিলনত বিশ্বৰ কৃষি গৱেষণাৰ অগ্ৰগতি, খাদ্য সুৰক্ষাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে থাইলেণ্ডত অনুষ্ঠিত সন্মিলনত মৃগাংক বৰ্মনে নিজৰ গৱেষণা পত্ৰ উপস্থাপনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ কৃষি ব্যৱস্থাক আলোকপাত কৰিছিল।
Site Admin | April 22, 2025 12:23 PM | Akashvani Guwahati
মৃগাংক বৰ্মনক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত ভাৰতৰ সমন্বয়ক হিচাপে স্বীকৃতি
