■ মুম্বাইত আয়োজিত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলন, ৱেভছত কালি উত্তৰ-পূব ভাৰতত চিনেমাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক এখন আলোচনাচক্র অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত জাহ্নু বৰুৱা, যতীন বৰা, ৰবি শৰ্মা, আইমী বৰুৱা, হাওবাম পৱন কুমাৰ আৰু ডমিনিক চাংমাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।
আলোচনাত অঞ্চলটোত চলচ্চিত্ৰ নিৰ্মাণৰ সময়ত নিমাৰ্তাসকলে সন্মুখীন হোৱা আন্তঃগাঁথনিৰ অভাৱ, ভাষা আৰু বজাৰৰ সীমাবদ্ধতাৰ লগতে প্রাতিষ্ঠানিক সমর্থনৰ অভাৱৰ দৰে বিষয়সমূহ আলোচনা কৰা হয়। আলোচকসকলে এনে ধৰণৰ অসুবিধাৰ মাজতে চিত্ৰ নিৰ্মাতাসকলে উদ্ভাৱন আৰু সৃষ্টিশীলতাৰ মাজেৰে আঞ্চলিক কাহিনীসমূহ কোৱাত সফলতা প্রদর্শন কৰিছে বুলি মত প্ৰকাশ কৰে। প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই উত্তৰ-পূৰ্বাঞ্চল প্ৰতিভাৰ আকৰ বুলি মন্তব্য কৰি অঞ্চলটোৰ চহকী সংস্কৃতিক চিনেমাত প্ৰতিফলিত কৰাত চলচ্চিত্র নির্মাতাসকল সফল হৈছে বুলি কয়। অভিনেতা যতীন বৰাই ভাষাৰ সীমাবদ্ধতাৰ খাতিৰত আঞ্চলিক সীমাৰ বাহিৰত উত্তৰ-পূবৰ ছবিৰ সীমিত প্ৰসাৰ আৰু বিতৰণৰ ওপৰত আলোকপাত কৰে। ডিজিটেল বিতৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো শ্ৰী বৰাই গুৰুত্ব আৰোপ কৰে। তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়কে আঞ্চলিক চলচ্চিত্ৰৰ কাৰণে সুবিধাজনক পৰিৱেশ তন্ত্ৰৰ সৃষ্টিত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। অঞ্চলটোৰ অন্য এজন অভিনেতা ৰবি শৰ্মাই আন্তঃগাঁথনিগত বিনিয়োগৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে। চলচ্চিত্র নির্মাতা হাওবাম পৱন কুমাৰ আৰু ডমিনিক চাংমাইও আনুষ্ঠানিক সমর্থনৰ বিষয়ে আলোচনা কৰি ব্যক্তি পৰ্যায়ত স্বতন্ত্রভাৱে কাম কৰি থকা চলচ্চিত্ৰ নির্মাতাসকলৰ বিষয়ে অৱগত কৰে। অভিনেতা পৰিচালক আইমী বৰুৱাই ভাষিক বৈচিত্ৰ ৰক্ষাৰ ক্ষেত্ৰত চিনেমাই পালন কৰা তাৎপর্যপূর্ণ ভূমিকাৰ বিষয়ে অৱগত কৰি কয়, যে আমাৰ ভাষাসমূহে শতিকাজুৰি মৌখিক ইতিহাস কঢ়িয়াই লৈ ফুৰিছে।
উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা চাৰিদিনীয়া এই সন্মিলনত এশৰো অধিক দেশৰ কলা-কুশলী, উদ্ভাৱক, বিনিয়োগকাৰী আৰু নীতি নির্মাতাসকলে অংশগ্ৰহণ কৰিছে। সৃষ্টিশীলতাক গতি প্ৰদান কৰা তথা প্ৰযুক্তি আৰু প্ৰতিভাৰ দ্বাৰা উন্নত ভৱিষ্যত গঢ় দিয়াৰ বাবে চিনেমা, অ’টিটি, গেমিং, ডিজিটেল মিডিয়া, কৃত্রিম বুদ্ধিমত্তা, সম্প্ৰচাৰণ আৰু নতুন প্রযুক্তিক একত্ৰিত কৰি ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ বাবে এই সন্মিলনৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ কলা-কুশলীসকলৰ লগতে অসমৰো কেইবাগৰাকী ব্যক্তিয়ে এই শীর্ষ সন্মিলনত অংশ লৈছে। মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অসম চৰকাৰৰ প্ৰতিনিধি হিচাপে এই অনুষ্ঠানত ভাগ লৈছে। ইপিনে, ৱেভছৰ অধীনত আয়োজন কৰা ইলেক্ট্ৰনিক নৃত্য সংগীত প্ৰতিযোগিতাৰ ১০ গৰাকী শীৰ্ষ প্ৰতিযোগীৰ তালিকাত অসমৰ তিনিগৰাকী শিল্পীয়ে স্থান লাভ কৰিছে। বঙাইগাঁৱৰ দিব্যজ্যোতি ৰায়, গুৱাহাটীৰ আদিত উপাধ্যায় আৰু লখিমপুৰৰ নৱজ্যোতি বৰুৱাই সন্মিলনখনৰ চূড়ান্ত প্রতিযোগিতাত অংশগ্ৰহণ কৰিব।
Site Admin | May 2, 2025 12:02 PM | Akashvani News | WAVES
মুম্বাইত প্রথম বিশ্ব দৃশ্য-শ্রাব্য মনোৰঞ্জন সন্মিলনত
