মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰে। ১১১ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা চাৰিটা লেনযুক্ত ৬৭০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিণীগাঁৱৰ যানজঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ১৮ মাহ ধাৰ্য কৰা হৈছিল যদিও ৯ মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়। উদ্বোধনী অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰণীয়া প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।
Site Admin | July 6, 2025 8:56 PM | Assam CM inaugurated Bhagadattapur Flyover
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতুখন ৰাইজৰ বাবে মুকলি
