মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ৰাজ্যিক মন্ত্ৰীসভাৰ উপ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত ২০০৬ চনৰ ১ জানুৱাৰীত বা তাৰ আগেয়ে স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ খছৰা বিধেয়ক সন্দৰ্ভত পর্যালোচনা কৰা হয়। এই বৈঠকত ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি, ভূমি অধিকাৰৰ প্ৰমাণ পত্র, নিম্ন মাধ্যমিক, উচ্চ, উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয় বিত্তীয় আৱশ্যকতাকে ধৰি ভালেমান বিষয় আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বিষয়া কৰ্মচাৰীসকলক তথ্য পৰীক্ষণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে বিভাগীয় সহযোগিতা সুদৃঢ় কৰিবলৈ নিৰ্দেশ দিয়ে।
Assamese | June 1, 2025 8:40 PM | Assam CM with Cabinet sub Committee
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ উপ সমিতিৰ বৈঠক