মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বৰাক উপত্যকা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ হাইলাকান্দি জিলাৰ কালীনগৰ, পাঁচগ্রামকে ধৰি কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি শ্রীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ এখন সংবাদমেল সম্বোধন কৰি বন্যার্তই শীঘ্ৰেই পুনৰ সংস্থাপনৰ বাবে অনুদান লাভ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে তাৎক্ষণিকভাৱে সাহায্য বিতৰণত সহায় হোৱাকৈ বানত ক্ষতিগ্রস্ত লোকসকলক তেওঁলোকৰ বেংকৰ সবিশেষ আৰু আন প্ৰয়োজনীয় তথ্যসমূহ প্ৰেৰণ কৰিবলৈ আহ্বান জনায়। ড° শৰ্মাই এই সময়ছোৱাত হ’ব পৰা বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ আগতীয়া সাৱধানতা হিচাপে আশ্রয় শিবিৰত চিকিৎসা প্রদানকাৰী দলৰ ব্যৱস্থা কৰাৰ উপৰি অন্যান্য যাৱতীয় সুবিধাসমূহ প্রদান কৰাটো নিশ্চিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীভূমি জিলাতো আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বন্যাতসকলৰ সমস্যাৰ বুজ লয়। মুখ্যমন্ত্ৰীৰ ভ্ৰমণকালত জলসম্পদ মন্ত্রী পীযুষ হাজৰিকা, খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰয়, মীন মন্ত্রী কৃষ্ণেন্দু পাল, সাংসদ কৃপানাথ মাল্লাকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১৮ খন জিলাৰ ৪ লাখ ৪০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বিগত ২৪ ঘণ্টাত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। এই বানত ৰাজ্যখনৰ ১৩০০ ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় ১৬০০ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্য চৰকাৰে প্লাৱিত অঞ্চলসমূহত উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক নিয়োজিত কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও ৪০ হাজাৰতকৈ অধিক লোকে ১৫৬ টা আশ্রয় শিবিৰত আশ্ৰয় লৈ আছে। ৰাজ্যখনৰ বিভিন্ন অংশত পথ, ৰে’ল আৰু ফেৰী সেৱা ব্যাহত হৈ আছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ কাচাৰ, হাইলাকান্দি, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাত পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। ইপিনে ব্ৰহ্মপুত্ৰ আৰু কপিলী নৈৰ বাঢ়নি পানীয়ে পবিতৰা অভয়াৰণ্যৰ ৭০ শতাংশ বনাঞ্চলৰ বুৰাই পেলাইছে। অভয়াৰণ্যখনৰ টুপলুং হাঁহচৰা, পাগলাডুবা, হাদুক, শিলডুবিকে ধৰি কেইবাটাও বন শিবিৰ বানৰ কবলত পৰিছে। বন বিভাগ আৰু অন্যান্য সংস্থাই বন্য প্রাণীসমূহৰ খাদ্যৰ অভাৱ নহ’বৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰি চোৰাং চিকাৰীয়ে যাতে এই সময়ত সুযোগ লব নোৱাৰে তাৰ বাবেও চোকা দৃষ্টি ৰাখিছে।
Site Admin | June 7, 2025 9:46 AM | Assam CM visiting a relief camp of Barak Valley
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাৰ বান পৰিস্থিতি আৰু আশ্রয় শিবিৰ পৰিদৰ্শন
