ডাউনলোড
মোবাইল এপ

android apple
signal

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিত্ত আৰু কৃষি বিভাগৰ সৈতে তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্ত আৰু কৃষি বিভাগৰ সৈতে বৈঠকত মিলিত হৈ তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰে। ড০ শৰ্মাই এই বৈঠকত ২০২৫-২৬ বৰ্ষত ৰাজ্যসমূহলৈ মূলধনী বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাহায্য আঁচনিৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। আলোচনা কালত চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সমন্বয় সাধন কৰি জনসাধাৰণক নিৰ্দ্ধাৰিত সময়ত স্বচ্ছ আৰু নিকা ৰূপত আঁচনি ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত ২০২২ বৰ্ষৰ বিত্তীয় ক্ষমতা নীতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধান, আৰক্ষী অধীক্ষক আৰু কামাণ্ডেণ্টসকলৰ বিত্তীয় ক্ষমতা সন্দৰ্ভতো আলোচনা কৰা হয়। বৈঠকখনত অসম আৰক্ষীৰ পদোন্নতি সম্পৰ্কীয় বিষয়ো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে এপাৰ্টৰ দ্বিতীয় পৰ্যায়ৰ প্ৰকল্প ৰূপায়ণৰ দ্বাৰা ৰাজ্যখনৰ গ্ৰামাঞ্চলত ৰূপান্তৰ সাধনৰ লক্ষ্যৰে যুগুত কৰা এটা প্ৰতিবেদনো প্ৰত্যক্ষ কৰে। তেওঁ যোগান শৃংখলা শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি আৰু স্বনিৰ্ভৰশীলতা অৰ্জনৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ে। মুখ্যমন্ত্রী এখন জিলা এবিধ সামগ্রী আর্হিক জনপ্ৰিয় কৰি বজাৰসমূহৰ মাজত উন্নত যোগাযোগ ব্যৱস্থ গঢ়ি তুলিবলৈও বিষয়াসকলক পৰামৰ্শ দিয়ে। তদুপৰি ৰাজ্যখনৰ উন্নয়নত বিশেষভাৱে অৰিহনা যোগোৱা চাহ, বাঁহ, অগৰ, নেমু, মৌ, সৰিয়হ আৰু ধান খেতিৰ সম্ভাৱনীয়তা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। এই বৈঠকত বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে বিভাগীয় শীর্ষ বিষয়াসকল উপস্থিত থাকে ।

অধিক পঢ়ক

সকলো চাওক