মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ দিনা আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি বিগত ৪টা বছৰত তিনিটা বিষয় অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এই সময়ছোৱাত ৰাজ্যখনত কোনো অশান্তিকৰ পৰিৱেশৰ সূচনা হোৱা নাই। ৰাজ্যৰ জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয় দেখা গৈছে। পাহাৰীয়া জিলা দুখনত শান্তি বিৰাজ কৰাৰ লগতে এই সময়ছোৱাত উদ্যোগ, বাণিজ্যৰ ক্ষেত্ৰতো বিকাশ হৈছে। ৰাজ্যৰ জিডিপি চাৰে ৭ লাখ কোটি টকালৈ বৃদ্ধি হৈছে। একেখন সংবাদমেলতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি ডিব্ৰুগড় বিমানবন্দৰ ভূপেন হাজৰিকাৰ নামত উৎসর্গিত হ’ব বুলি প্ৰকাশ কৰে। একেখন সংবাদমেলতে মুখ্যমন্ত্রী ড০ শৰ্মাই আজি কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ প্ৰকাশ কৰি অসমৰ চাহ উদ্যোগে ২০০ বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে ৫ হাজাৰ কোটি টকা অনুমোদন জনোৱা বুলি প্ৰকাশ কৰে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি চৰকাৰী কৰ্মচাৰীৰ বাবে টকা, আপোন ঘৰ, আপোন বাহন আঁচনি দুখনৰ সুবিধা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সর্বশিক্ষা অভিযান, শক্তিবিভাগৰ তিনিওটা প্ৰতিষ্ঠান আৰু লাভজনক নিগম-নিকায়ৰ কৰ্মচাৰীসকলেও লাভ কৰিব। মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনতো কেবিনেটে অনুমোদন জনায়। এই আঁচনিৰ বাবে ১ জুনৰ পৰা আবেদন কৰিব পাৰিব। আঁচনিখনৰ সুবিধা অনুসৰি ২০২৪-২৫ বৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলে ২ হাজাৰ ৫০০ টকাকৈ লাভ কৰিব। অৱশ্যে ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষার্থীয়ে এই সুবিধা লাভ নকৰে। বিশ্ববিদ্যালয়ৰ গৱেষক, ছাত্র-ছাত্রীসকলকো চৰকাৰে এই আঁচনিৰ অধীনত ২০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়াব। দিব্যাংগ গৱেষক ছাত্র- ছাত্ৰীসকলক ৪০ হাজাৰ টকাকৈ আগবঢ়োৱা হ’ব।
Site Admin | May 10, 2025 8:28 PM | BJP 4 years Completed
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে সংবাদমেল
