ডাউনলোড
মোবাইল এপ

android apple
signal

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বড়োলেণ্ড স্পীকছ ফ্রম ভীজন টু এক্সন শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বড়োলেণ্ড স্পীকছ ফ্রম ভীজন টু এক্সন শীৰ্ষক এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ উপস্থিতিত এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই ট্রেন্সফর্মিং বড়োলেণ্ড শীর্ষক এখন গ্রন্থও উন্মোচন কৰে। অনুষ্ঠানত বক্তব্য আগবঢ়াই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োই কয়, যে বড়োলেণ্ডত এতিয়া পূৰ্বৰ পৰিৱেশ নাই। ড০ শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা সমগ্ৰ ৰাজ্য তথা বড়োলেণ্ডলৈ শান্তি ঘূৰি আহিছে। শ্রীবড়োৱে লগতে কয়, যে বড়োলেণ্ডৰ মুঠ ২৬টা জনগোষ্ঠীৰ ১৮টায়ে নিজৰ নিজৰ ভাষা কয় আৰু এই জাতি জনগোষ্ঠীসমূহৰ সম্প্ৰীতিৰ বাবে বিটিচি প্ৰশাসনে দায়িত্ব সহকাৰে কাম কৰি আহিছে। একেটা অনুষ্ঠানতে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে এসময়ত গোষ্ঠী তথা সাম্প্রদায়িক সংঘৰ্ষত জৰ্জৰ বড়োলেণ্ডত যোৱা ৪ বছৰে এটাও গুলী ফুটা নাই। এসময়ত নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বড়োলেণ্ডত বহুতেই আন্দোলন কৰিছিল কিন্তু বড়োলেণ্ডত এতিয়া তেনে অশান্ত পৰিৱেশ নাই বুলি উল্লেখ কৰি বড়োলেণ্ডত শান্তিৰ স্থায়িত্ব আনিব পাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয়, যে বড়োলেণ্ডৰ জনগোষ্ঠীসমূহৰ জনসংখ্যা হ্ৰাস হৈছে। বৰ্তমান প্ৰতিটো জনগোষ্ঠীৰ জনসংখ্যা এক লাখৰ পৰা ৫ লাখৰ ভিতৰত সীমাবদ্ধ হৈ পৰিছে। এতিয়াৰে পৰা বড়োলেণ্ডত অসমীয়াৰ লগতে বড়ো ভাষাতো চৰকাৰী জাননী প্ৰকাশ হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে ঘোষণা কৰে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড০ শর্মাই নিখিল বড়ো ছাত্ৰ সন্থাৰ ১৫ জনীয়া এটা প্ৰতিনিধি দলৰ সৈতেও আলোচনাত ভাগ লয়। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই ভাগ লোৱা আলোচনাত বড়ো ছাত্র সংগঠনটোৱে ২০২৬ৰ পূৰ্বে বিটিআৰ চুক্তি ৰূপায়ণ, বিটিআৰৰ সকলো বিদ্যালয় প্ৰাদেশিকীকৰণকে ধৰি কেইবাটাও দাবী জনায়। আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই আলোচনা সৌহাদ্যপূৰ্ণ বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক