মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব। ১১২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চাৰিটা লেনযুক্ত ৬৭০ মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখনে ছয়মাইল, ডাউন টাউন, ৰুক্মিনীগাঁৱৰ যানজঁট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰত উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণ সেতুখনৰ নিৰ্মাণৰ বাবে ১৮ মাহ ধাৰ্য কৰা হৈছিল যদিও ৯ মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়। উদ্বোধনী অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি আৰু গুৱাহাটী পৌৰসভাৰ মেয়ৰ মৃগেন শৰণীয়া প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে ৰুক্মিনীগাঁৱৰ ডাউন টাউনৰ আৰু ছুপাৰ মাৰ্কেটৰ উৰণ সেতু দুখন কামৰূপৰ ৰজা ভগদত্ত নামেৰে নামকৰণ কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি বিয়লি তিনি বজাত গুৱাহাটীৰ শ্ৰী মন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ উপস্থিতিত বড়োলেণ্ড স্পীকছ ফ্রম ভীজন টু এক্সন শীর্ষক বিশেষ উদ্যম মুকলি কৰিব।
Site Admin | July 6, 2025 12:16 PM | Guwahati Rukminigaon Flyover
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সন্ধিয়া গুৱাহাটীৰ ৰুক্মিনীগাঁৱৰ নৱনিৰ্মিত উৰণ সেতুখন উদ্বোধন কৰিব
