মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকলৰ প্ৰতি অশোভনীয় মন্তব্য কৰাৰ অভিযোগ তুলি আজি অসম প্রদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগত লিখিত অভিযোগ দাখিল কৰে। মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ নেতৃত্বৰ এটা দলে এই অভিযোগ পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী জনায়। অসম প্রদেশ মহিলা কংগ্ৰেছে আজি এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগলৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে।
উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই মহিলাক লৈ অশোভনীয় মন্তব্য কৰাৰ অভিযোগ তুলি কালি উত্তৰ-পূব মহিলা কংগ্ৰেছে গুৱাহাটীত এখন সংবাদমেলৰ আয়োজন কৰিছিল। এই সংবাদমেলত অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰীসকলে অংশগ্রহণ কৰে। সংবাদমেলত দলটোৰ সভানেত্ৰীসকলে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ বিৰুদ্ধে আজি ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ তৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে এই বিষয়টোৰ সংক্ৰান্তত চিবিআই তদন্তৰো দাবী জনায়।
Assamese | May 5, 2025 6:40 PM | Assam Govt | CMO Assam | Congress
মুখ্যমন্ত্রীৰ অশোভনীয় মন্তব্যৰ অভিযোগ তুলি অসম প্রদেশ মহিলা কংগ্ৰেছৰ অসম ৰাজ্যিক মহিলা আয়োগত লিখিত অভিযোগ দাখিল