ডাউনলোড
মোবাইল এপ

android apple
signal

June 8, 2025 7:46 PM | Indian Railway

printer

মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে’লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ এক্ট-ইষ্ট নীতিৰ অংশ হিচাপে উত্তৰ-পূবত যোগাযোগ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধনৰ লক্ষ্যৰে মিজোৰামত নির্মীয়মান বৈৰবী-ছাইৰাং ৰে’লপথচোৱা ভাৰত-ম্যানমাৰ সীমান্তলৈ সম্প্ৰসাৰণৰ বাবে প্ৰাথমিক জৰীপ অব্যাহত আছে। ৰে’ল মন্ত্ৰালয়ে ম্যানমাৰ সীমান্তলৈ এই ৰে’লপথচোৱা সম্প্ৰসাৰণৰ সিদ্ধান্ত লৈছে। ৰে’লপথচোৱাৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে ম্যানমাৰ সীমান্তত মিজোৰামৰ দক্ষিণ অঞ্চলৰ পৰা সীমান্তৰ সিপাৰলৈ বাণিজ্য প্রসাৰত সুবিধা হ’ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ৮,২১৫ কোটি টকাৰ ব্যয় ধাৰ্য কৰা এই ৰে’লপথ প্রকল্প নির্মাণত এতিয়ালৈ ৭,৭১৪ কোটি টকা ব্যয় কৰা হৈছে আৰু জুলাই মাহৰ শেষৰ ফালে ৰে’লপথচোৱা মুকলি কৰাৰ সম্ভাৱনা আছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰূপায়ণ কৰা এই ৰেলপথ প্ৰকল্পত হৰটোকি, কন পুই, মুৱালখান আৰু ছাইৰাং শ্রীভূমি –এই চাৰিটা ষ্টেচন থাকিব। ৰে’লপথচোৱাই ৩২টা সুৰংগ, ৫৫খন মূল দলং আৰু ৮৯খন লঘু দলঙক সামৰি ল’ব। ইতিমধ্যে আটাইকেইটা ষ্টেচনৰ আন্তঃগাঁথনি নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে বুলি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই পকাশ কৰিছে। ইপিনে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা আয়ুক্ত সুমিত সিংহালে যোৱা শুকুৰবাৰে ৰে’লপথচোৱাৰ কাম-কাজৰ পৰিদৰ্শন আৰম্ভ কৰিছে আৰু মঙলবাৰে এই পৰিদৰ্শন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক