মালদীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুল্লা খালীলে তিনিদিনীয়া ভ্রমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে মালদীপৰ বিদেশ মন্ত্ৰীগৰাকীৰ একেটা বছৰতে তৃতীয়টো ভাৰত ভ্ৰমণ৷ ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ কূটনৈতিক আদান-প্ৰদানৰ বাবে এই ভ্রমণসূচী অব্যাহত আছে। কাইলৈ ড০ খালীলে মালদীপৰ নেতৃত্বত সামুদ্রিক সুৰক্ষা আৰু অৰ্থনৈতিক অংশীদাৰিত্বৰ সন্দৰ্ভত হ’বলগীয়া ভাৰত-মালদীপৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্রমণসূচীত ড০ খালীলে ভাৰতৰ বিদেশ মন্ত্রী এছ জয়শংকৰৰ সৈতেও আলোচনাত মিলিত হ’ব।
Site Admin | May 25, 2025 8:05 PM | Maldives Foreign Minister
মালদীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুল্লা খালীল তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত
