মৰিগাঁও জিলাৰ ইতিহাস প্রসিদ্ধ মায়ঙত পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লক্ষ্যৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ অনুষ্ঠিত হয়। পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে যাদু মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। অঞ্চলটোৰ যাদু সংস্কৃতি আৰু স্থানীয় কলা সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা শোভাযাত্ৰাত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে মায়ঙৰ যাদু শীর্ষক এখন আলোকচিত্র প্রদর্শনীৰো আয়োজন কৰা হয়। ইপিনে, মায়ং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত মহোৎসৱৰ কাৰ্যসূচীত মায়ঙৰ কেইবাগৰাকীও বৈদ্য আৰু অন্যান্য লোকে অংশগ্ৰহণ কৰে। মহোৎসৱৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীও গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে, মায়ং ইন্দ্রজাল যাদু মহোৎসৱৰ যোগেদি অন্ধবিশ্বাসৰ সলনি মায়ঙৰ ঐতিহ্য বহন কৰা যাদুৰ ইতিহাসৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সংৰক্ষণমুখী পৰ্যটনৰ বাট মুকলি কৰাৰ চেষ্টা কৰা হৈছে। প্ৰস্তুতি বর্ষ হিচাপে এইবাৰ এদিনীয়া কাৰ্যসূচীৰে এই মহোৎসৱ উদযাপন কৰা হৈছে যদিও পৰৱৰ্তী বৰ্ষসমূহত দেশৰ বিভিন্ন প্ৰান্তৰ যাদুকৰক একত্ৰিত কৰি সপ্তাহজোৰা বিস্তৃত কাৰ্যসূচীৰে এই উৎসৱ উদযাপনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ দ্বাৰা পবিতৰা অভয়াৰণ্যৰ লগতে জিলাখনৰ অন্যান্য পর্যটন ক্ষেত্ৰসমূহক বিশ্ব পৰ্যটনৰ মানচিত্ৰত মর্যাদাপূর্ণ স্থান দিয়াৰ উপৰি জিলাখনলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। যাদুবিদ্যা কেন্দ্ৰ কৰি মায়ঙত উদযাপন কৰিবলৈ লোৱা এই উৎসৱ দেশৰ ভিতৰতে প্ৰথম যাদুকেন্দ্ৰিক পৰ্যটন উৎসৱ হিচাপে পৰিগণিত হৈছে।
Site Admin | August 18, 2024 7:03 PM | Mayang magic
মায়ং মহাবিদ্যালয় খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ
