ডেলহী কেপিটেলছে যোৱা নিশা বডোদৰাৰ কোটাম্বি ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্রথমে বেট ধৰি ১৯ অভাৰ আৰু ১ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৬৪ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ নেট স্কীভাৰ ব্ৰাণ্টে ৫৯টা বলত ৮০ ৰান কৰে। অধিনায়ক হৰমনপ্রীত কৌৰে ২২টা বলত ৪২ ৰানৰ বৰঙণি আগবঢ়ায়। ডেলহী কেপিটেলছৰ হৈ আন্নাবেল ছুথাৰলেণ্ডে তিনিটা উইকেট দখল কৰে। শিখা পাণ্ডেই দুটা উইকেট
লাভ কৰে। ডেলহী কেপিটেলছে ১৬৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায় যদিও শ্বেফালী বার্মাই ১৮ টা বলত কৰা ৪৩ ৰান আৰু ছাৰা ব্ৰাইছে ১০ টা বলত কৰা ২১ ৰানৰ সহায়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। নিকি প্রসাদে ৩৩টা বলত ৩৫ ৰান কৰি ডেলহী কেপিটেলছৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মুম্বাইৰ হেইলী মেথিউজ আৰু এমেলিয়া কেৰে দুটাকৈ উইকেট লাভ কৰে। নিকি প্ৰসাদক প্লেয়াৰ অব দ্যা মেচহিচাপে ঘোষণা কৰা হয়। প্রতিযোগিতাত আজি বড়োদাত হ’বলগীয়া এখন খেলত গুজৰাট জায়েণ্টছ ইউ পি ৱাৰিয়ৰ্জৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Site Admin | February 16, 2025 12:23 PM | WPL
মহিলাৰ প্ৰীমিয়াৰ লীগ ক্রিকেট প্ৰতিযোগিতাত মুম্বাই ইণ্ডিয়ানছক ২ উইকেটত পৰাস্ত কৰে ডেলহী কেপিটেলছে
