ডাউনলোড
মোবাইল এপ

android apple
signal

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত ১২ গৰাকী নক্সালবাদীৰ নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিজৰ উপস্থিতিত কালি ১২ গৰাকী নক্সালবাদীয়ে ৰাজ্যখনৰ গড়চিৰলি জিলাৰ নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই নক্সালবাদী কেইজনক ধৰাৰ বাবে এক কোটি টকাতকৈও অধিক পুৰস্কাৰ ঘোষণা কৰা হৈছিল। এই সংক্ৰান্তত মুখ্যমন্ত্ৰী শ্ৰী ফাড়নাবিজে মহাৰাষ্ট্র-চত্তিশগড় সীমান্তৰ ভিতৰুৱা গাঁও কবান্দে ভ্ৰমণ কৰিছিল। মুখ্যমন্ত্রী ফাড়নাবিজেই হৈছে নক্সাল অধ্যুষিত এনে অঞ্চল ভ্ৰমণ কৰা ৰাজ্যখনৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত ১২ গৰাকী দুৰ্ধৰ্ষ উগ্ৰপন্থীয়ে তেওঁলোকৰ অস্ত্ৰ সম্বৰণ কৰাৰ লগতে গড়ছিৰলি জিলা প্ৰশাসনৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। মুখ্যমন্ত্রী শ্রী ফাড়নাবিজে তেওঁলোকক সংবিধানৰ একোটা প্রতিলিপি প্ৰদানেৰে মূল সুঁতিলৈ আদৰণি জনায়। এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অস্ত্র সম্বৰণ কৰা আটাইকেইজন উগ্ৰপন্থীয়ে মূল সুঁতিত চামিল হৈছে আৰু ভাৰতীয় সংবিধানৰ প্ৰতি নিজৰ আনুগত্য প্রকাশ কৰিছে। তেওঁ কয়, যে বিগত ১৮ মাহত ২৮ গৰাকী মাওবাদীৰ মৃত্যু হোৱাৰ লগতে ৩১ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৪৪ গৰাকী উগ্ৰপন্থীয়ে আত্মসমৰ্পন কৰিছে। অহা বছৰৰ মাৰ্চলৈ নক্সালবাদীক সম্পূৰ্ণৰূপে নিঃশেষ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰাৰ লগতে মহাৰাষ্ট্ৰত বৰ্তমান অতি কম সংখ্যক নক্সালবাদীয়ে সক্রিয়ভাৱে কাম কৰি থকা বুলি উল্লেখ কৰে। অৱশিষ্ট নক্সালবাদীকেইজনলৈ এয়া এক বাৰ্তা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে নক্সালবাদীসকলক আত্মসমর্পণ কৰি মূল সুঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়। তেওঁ কয়, যে আত্মসমৰ্পণ কৰাৰ পাছত চৰকাৰী নিয়ম অনুসাৰে তেওঁলোকক পুনঃসংস্থাপন দিয়া হ’ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ১৩ গৰাকী প্ৰাক্তন নক্সালবাদীৰ গণবিবাহতো উপস্থিত আছিল। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রীয়ে আনন্দ প্রকাশ কৰি প্ৰাক্তন নক্সালবাদী কেইজনৰ নতুন জীৱনলৈ শুভেচ্ছা
জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক