● ৰাজ্য চৰকাৰৰ অভিলাসী আৰু জনকল্যাণমূলক আঁচনিসমূহ নির্ধাৰিত সময়ত ফলপ্রসূভাৱে ৰূপায়ণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অৰুণোদয়ৰ তৃতীয় পর্যায়, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, আত্মনির্ভৰ অসম, এটি কলি দুটি পাত আঁচনি সময়মতে ৰূপায়ণৰ বিভিন্ন দিশ সন্দৰ্ভত পর্যালোচনা কৰা হয়। ড০ শৰ্মাই অৰুণোদয়ৰ দ্বিতীয় পৰ্যায়ত বাদ পৰি ৰোৱা যোগ্য হিতাধিকাৰীসকলৰ নাম পুনৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে। তেওঁ লগতে পুনৰীক্ষণৰ পাছত বিবেচিত হোৱা যোগ্য হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিৰ জৰিয়তে চূড়ান্ত তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ অনুমোদন ল’বলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে।
এই বৈঠকতে ৰেচন কাৰ্ডৰ বিষয়টোও আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয়, যে ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিত নতুনকৈ এহেজাৰ খন নতুন ৰেচন কার্ড দিয়াৰ বাবে সিদ্ধান্ত লৈছে। এই ক্ষেত্ৰত বিধৱা মহিলা, বিবাহ বিচ্ছেদিত আৰু অবিবাহিত মহিলাক একক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। ড০ শৰ্মাই কয়, যে কৰ্কট আদি ৰোগৰ ক্ষেত্ৰত আয়ুষ্মান কাৰ্ডৰ সুবিধা ল’ব পৰাকৈ প্ৰতিখন জিলাৰ আয়ুক্তসকলক ৫০০ খনকৈ ৰেচন কাৰ্ড দিয়া হ’ব। জিলা আয়ুক্তসকলে যোগ্য তথা প্রয়োজন অনুসৰি এই কাৰ্ড প্ৰদান কৰিব পাৰিব।
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই আঁচনিত যোগ্য হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ বিধায়কসকলক আহ্বান জনায়। চাহ বাগিচাৰ জনসাধাৰণৰ সৰ্বাংগীণ কল্যাণৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ এটি কলি দুটি পাত আঁচনিৰ সফল ৰূপায়ণত গুৰুত্ব আৰোপ কৰে। অসমৰ চাহ শিল্পৰ ২০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে এই আঁচনিখন ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে।
ইয়াৰ বাবে প্ৰ-পত্ৰ পূৰণৰ ক্ষেত্ৰত বাগান কর্তৃপক্ষ, বিধায়ক আৰু নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলে সহযোগিতা আগবঢ়াব। ড০ শৰ্মাই আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে প্রয়োজনীয় নির্বাচক সমিতি গঠনৰ ক্ষেত্ৰত জিলা অভিভাৱক মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ চৰকাৰী বাংলো অথবা বিদ্যালয়কে ধৰি অব্যৱহৃত চৰকাৰী গৃহত অস্থায়ীভাৱে কাৰ্যালয় আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লগতে সমগ্ৰ প্ৰক্ৰিয়াটো ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে।
Site Admin | June 19, 2025 11:21 AM | Akashvani Guwahati | Chief Minister Himanta Biswa Sarma | CMO Assam
মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক
