মণিপুৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীশ্বাহে অহা ৮ মাৰ্চৰ ভিতৰত ৰাজ্যখনৰ সকলো পথত জনসাধাৰণৰ বাধাহীনভাৱে আহ-যাহ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি মুক্ত আহ-যাহত বাধাৰ সৃষ্টি কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ নির্দেশ দিয়ে। তেওঁ বৈঠকত মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে সীমান্ত প্ৰৱেশ পথৰ দুয়োফালে বেৰ নিৰ্মাণৰো নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে কয়, যে মণিপুৰত শান্তি ঘূৰাই আনিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে। মণিপুৰক মাদক দ্রব্যমুক্ত কৰাৰ বাবে নিচাজাতীয় সামগ্ৰীৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ তেওঁ বিষয়াসকলক নির্দেশ দিয়ে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, গৃহ সচিব গোবিন্দ মোহনৰ লগতে চোৰাংচোৱা সংস্থাৰ শীর্ষ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শাসন বলৱৎ হোৱাৰ পাছত এয়া মণিপুৰত প্ৰথমখন উচ্চস্তৰীয় বৈঠক।
Site Admin | March 1, 2025 7:58 PM | Manipur Situation Meet
মণিপুৰৰ নিৰাপত্তা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক
