ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 20, 2024 12:31 PM | Manipur Situation

printer

মণিপুৰত নিৰাপত্তা বাহিনী মোতায়ন কৰাৰ পাছত পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণ

কেন্দ্ৰীয় চৰকাৰে মণিপুৰত নিৰাপত্তা বাহিনী মোতায়ন কৰাৰ পাছত ৰাজ্যখনৰ পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণলৈ আহিছে। আজি ৰাজ্যখনৰ পশ্চিম ইম্ফল, পূব ইম্ফল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত পুৱা ৫ বজাৰ পৰা ১০ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে। অৱশ্যে, এই সময়ছোৱাত ৰাজহুৱা স্থানত সমাৱেশ, ধর্ণা, সমদল আদি অনুমতি দিয়া হোৱা নাই। বিদ্যালয়সমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ হৈ থাকিব বুলিও প্রশাসনে অৱগত কৰিছে। ইফালে, মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰভাৱ অসমতো পৰাৰ আশংকাত কাছাৰ জিলাৰ আৰক্ষীয়ে অসম-মণিপুৰৰ সীমান্ত সম্পূৰ্ণৰূপে চীল কৰি দিছে। কাছাৰ জিলা আৰক্ষীয়ে জনোৱা মতে মণিপুৰৰ পৰা দুস্কৃতিকাৰী ৰাজ্যখনত প্ৰৱেশ কৰিব পাৰে বুলি চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতে এই সিদ্ধান্ত লোৱা হয়। সীমান্তত সশস্ত্ৰ আৰক্ষীৰ লগতে কামাণ্ডো বেটেলিয়ন মোতায়ন কৰা হৈছে। দুয়োখন ৰাজ্যৰ সীমান্তত ২৪ ঘণ্টাই পহৰাৰ ব্যৱস্থা কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে, জিলাখনৰ নাগৰিক সমিতি সমূহকো সতৰ্ক কৰি দিয়া হৈছে।