ডাউনলোড
মোবাইল এপ

android apple
signal

May 31, 2025 7:57 PM | PM Visit

printer

ভূপালত আয়োজিত জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পেহেলগাম কাণ্ডক ভাৰতৰ নাৰী শক্তিৰ প্ৰতি প্ৰত্যাহ্বান বুলি অভিহিত কৰি এই ঘটনা কুটাঘাতকাৰীৰ বাবে মৃত্যু ঘণ্টা সদৃশ হৈ পৰা বুলি মত প্ৰকাশ কৰিছে। ভূপালত আজি আয়োজিত এখন জনসভাত ভাষণ দি তেওঁ কয় যে ভাৰতে কোনো কাৰণতে কোনো ধৰণৰ ছাঁয়া যুদ্ধক সহ্য নকৰে আৰু এনেধৰণৰ সন্ত্ৰাসক কঠোৰভাৱে প্ৰত্যুত্তৰ দিয়াৰ প্ৰতি দেশখন সংকল্পবদ্ধ। দিনজোৰা ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভূপালৰ জাম্বুৰি ময়দানত আয়োজিত লোকমাতা দেৱী অহল্যা বাইৰ ৩০০ বছৰীয়া জন্ম বার্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁ কয়, যে অপাৰেচন সিন্দূৰ ভাৰতৰ বীৰত্বৰ প্ৰতীক। সন্ত্ৰাসবাদীয়ে ভাৰতৰ মহিলাৰ ক্ষমতাক প্ৰত্যাহ্বান জনাইছিল। ভাৰতে এই প্ৰত্যাহ্বান মষিমূৰ কৰিছে। সেনাবাহিনীয়ে শত্ৰু তথা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছিল। দেশৰ ইতিহাসত অপাৰেচন সিন্দুৰ সৰ্বশ্ৰেষ্ঠ অভিযান বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ১৪০ কোটি ভাৰতীয়ই উচিত প্ৰত্যুত্তৰ দিব বিচাৰে। সন্ত্রাসবাদীক সহযোগ কৰা সকলকো প্ৰত্যুত্তৰ দিয়া হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
এই অনুষ্ঠানতে শ্রী মোদীয়ে লোকনেতা দেৱী অহিল্যা বাই হোলকৰ আদৰ্শৰে অনুপ্ৰাণিত কেন্দ্ৰীয় চৰকাৰ জনকল্যাণমুখী আঁচনিসমূহৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয়, যে চৰকাৰে নাগৰিক দেবো ভবঃ বাক্য অনুসৰণ কৰি মহিলা কেন্দ্ৰিক উন্নয়নক ৰাষ্ট্ৰীয় প্ৰগতিৰ ভেঁটি হিচাপে গঢ়ি তুলিছে। চৰকাৰী প্ৰতিটো যুগান্তকাৰী পদক্ষেপৰ কেন্দ্ৰবিন্দু মহিলা বুলি শ্রী মোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে অতীতত আধুনিক প্ৰযুক্তিৰ পৰা মহিলাক আঁতৰাই ৰখা হৈছে। কৃষি প্রযুক্তিত বৰ্তমান মহিলাসকল বহু আগবাঢ়ি গৈছে। নমো ড্রোন দিদিৰ দৰে পদক্ষেপে মহিলাসকলৰ মনোবল আৰু আয় বৃদ্ধিত অৰিহণা যোগাইছে। বিজ্ঞান, গণিত, অভিযান্ত্ৰিক, দৰব আদি ক্ষেত্ৰতো মহিলাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। চন্দ্রযান-তিনি অভিযানৰ সফলতাত ১০০ ৰো অধিক মহিলা বিজ্ঞানী তথা অভিযন্তা জড়িত থকা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে গৌৰবেৰে প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে পূৰ্বতে মহিলাসকলে প্রায়ে স্বাস্থ্যজনিত সমস্যা লুকুৱাই ৰখা পৰিলক্ষিত হৈছে যদিও বৰ্তমান আয়ুষ্মাণ ভাৰতৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ আঁচনিৰ বাবে এই সমস্যা দূৰ হৈছে। মহিলাসকলে এতিয়া অর্থনৈতিক সমস্যাৰ সন্মুখীন নহয়, যাৰ বাবে তেওঁলোকে হাস্পতাললৈ যাব পাৰে। মহিলাসকলৰ জীৱন-ধাৰণ সহজ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পানী, বিদ্যুৎ, চিলিণ্ডাৰ আদিও যোগান ধৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে এইবোৰৰ দ্বাৰা মহিলাক কেৱল সুবিধা কৰি দিয়াই নহয়, বৰঞ্চ সন্মান প্ৰদৰ্শনৰো প্ৰতীক। প্রধানমন্ত্রী আবাস যোজনাৰ বিষয়ে আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, যে চাৰি কোটিৰো অধিক ঘৰ ইতিমধ্যে আৱণ্টন দিয়া হৈছে। ইয়াৰে অধিক সংখ্যকে মহিলাৰ নামত পঞ্জীয়ন কৰা হৈছে।
আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্রী মোদীয়ে ইণ্ডোৰ মেট্ৰ’ৰ য়েল’ লাইনৰ সেৱা মুকিল কৰে। লগতে ৬০ কোটি টকা ব্যয় সাপেক্ষ দতিয়া বিমান বন্দৰ আৰু ৩৭ কোটি টকা ব্যয় সাপেক্ষ ছাতনা বিমান বন্দৰ উদ্বোধন কৰে। এই প্রকল্পসমূহে আঞ্চলিক সংযোগ বৃদ্ধি, অর্থনৈতিক উন্নয়ন ত্বৰান্বিত আৰু নিয়োগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানতে এহেজাৰ ২৭১ খন অটল গ্ৰাম সেৱা সদন নিৰ্মাণৰ প্ৰথম কিস্তিৰ ধনো মুকলি কৰা হয়।
লগতে সাংস্কৃতিক মন্ত্রালয়ে বিশেষভাৱে যুগুতোৱা এটা ৩০০ টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উল্লেখযোগ্য যে লোকমাতা দেৱী অহল্যা বাই হোলকৰৰ প্ৰতি সন্মানার্থে এই বিশেষ মুদ্ৰাটো প্ৰস্তুত কৰা হৈছে। প্রধানমন্ত্রী মোদীয়ে এই অনুষ্ঠানতেই এটা স্মাৰক ডাক টিকটো আনুষ্ঠানিকভাৱে মুকলি কৰে। আজিৰ অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুবাই পেটেল, মুখ্যমন্ত্রী ড০ মোহন যাদৱ, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং ছেখাৱটৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক