March 23, 2025 6:23 PM | EAM Dr S Jaishankar

printer

ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে শক্তি সম্পৰ্কৰ বিকাশৰ প্রয়োজনীয়তা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ মত পোষণ

ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিৰ দেশ হিচাপে শক্তি সম্পৰ্কৰ বিকাশৰ প্রয়োজনীয়তা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মত পোষণ কৰে। কালি সন্ধিয়া মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড০ জয়শংকৰে কয় যে দশক দশক ধৰি বিশ্বায়নৰ সুফলৰ বিষয়ে শুনি থকাৰ পাছত আজি বিশ্বই উদ্যোগিক নীতি ৰপ্তানি নিয়ন্ত্ৰণ আৰু শুষ্ক যুদ্ধৰ বাস্তৱতাৰ সৈতে যুঁজ দিছে। ড০ জয়শংকৰে কয় যে আহিবলগীয়া দশকটোত শক্তি সুৰক্ষা সুনিশ্চিত কৰাটো ভাৰতৰ কূটনীতিৰ মুখ্য উদ্দেশ্য হোৱা উচিত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে সবকা সাথ সবকা বিকাশ ধাৰণাটো দেশৰ বৈদেশিক নীতিতো প্রযোজ্য। তেওঁ লগতে কয়, যে বাছিয়া আৰু ইউক্রেইন, ইজৰাইল আৰু ইবাণ, গণতান্ত্রিক পশ্চিম আৰু গোলকীয় দক্ষিণ তথা বীক্স আৰু কোৱাদ দেশসমূহৰ সৈতে যোগসূত্র স্থাপন কৰা পৃথিৱীৰ কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।