ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰত আৰু আংগোলাৰ কেইবাখনো চুক্তিত স্বাক্ষৰ

ভাৰত আৰু আংগোলাই কৃষি, পৰম্পৰাগত চিকিৎ‍সা আৰু সংস্কৃতিকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও মেনুৱেল গোনজাল্‌জে লোৰেন্সৰ মাজত আজি নতুন দিল্লীত অনুষ্ঠিত প্রতিনিধি পৰ্যায়ৰ আলোচনা অন্তত এই চুক্তিকেইখন স্বাক্ষৰিত হয়। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক সম্পর্ক সচিব দম্মু ৰবিয়ে কয়, যে আংগোলাই ভাৰতৰ পৰা প্ৰতিৰক্ষা আহিলা পাতি ক্ৰয় কৰিব। আলোচনাত প্ৰতিৰক্ষা সহযোগিতা বিষয়টোৱে স্থান লাভ কৰা বুলি উল্লেখ কৰি শ্ৰীৰবিয়ে কয়, যে প্রধানমন্ত্ৰীয়ে দেশখনলৈ ভাৰতীয় টকা ২০ কোটি ডলাৰ পৰিমাণৰ প্ৰতিৰক্ষা ঋণৰ প্ৰস্তাৱ দিছে। ক্ৰয় কৰিবলগীয়া সামগ্ৰী সন্দৰ্ভত ভাৰতৰ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কোম্পানীৰ সৈতে আলোচনা চলি আছে বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে কয়, যে আংগোলাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতীয় ভূ-ভাগত সংঘটিত সন্ত্রাসবাদী আক্ৰমণত কঠোৰ ভাষাৰে গৰিহণা দিছে আৰু জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। তেওঁ কয়, যে নেতা দুগৰাকীৰ আলোচনাত বৰ্তমানৰ সম্বন্ধৰ মূল্যায়ন আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰৰ অন্বেষণকে ধৰি বিভিন্ন বিষয়ে স্থান লাভ কৰে। তেওঁ লগতে কয়, যে আংগোলা সম্প্ৰতি আফ্রিকীয় সংঘৰ অধ্যক্ষতাৰ দায়িত্বত আছে আৰু ভাৰত আৰু আফ্ৰিকাৰ মাজত সহযোগিতাৰ দিশৰ পৰা এয়া সচাকৈ গুৰুত্বপূৰ্ণ। লোৰেন্সে ২০১৭ চনত ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া প্ৰথম ভ্ৰমণ বুলি শ্ৰীৰবিয়ে জানিবলৈ দিয়ে ৷ ৰাষ্ট্ৰপতিগৰাকী এই ভ্ৰমণ ভাৰত আৰু আংগোলাৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৪০ বছৰ আৰু আংগোলাই স্বাধীনতা লাভ কৰাৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰতিক বুলি বৈদেশিক সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীৰবিয়ে কয়, যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে আজি অভ্যাগত ৰাষ্ট্ৰপতি গৰাকীৰ সন্মানাৰ্থে নৈশ ভোজমেলৰ আয়োজন কৰিছে। ৰাষ্ট্ৰপতি লোৰেন্সৰ সৈতে হোৱা আলোচনাৰ অন্তত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদক মানৱ জাতিৰ বাবে ভয়াবহ প্ৰত্যাহ্বান বুলি অভিহিত কৰে। তেওঁ লগতে পেহেলগাম সন্ত্রাসবাদী আক্রমণক লৈ ক্ষোভ প্রকাশ কৰাৰ লগতে আংগোলাৰ শলাগ লয়। যুটীয়া বিবৃতিত প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদী আৰু তেওঁলোকৰ সমৰ্থকৰ বিৰুদ্ধে কঠোৰ আৰু নিৰ্ণায়ক সিদ্ধান্তৰ প্ৰতি ভাৰত বদ্ধপৰিকৰ। ভাৰত আৰু আংগোলাই সন্ত্রাসবাদক মানৱজাতিৰ বাবে সৰ্ববৃহৎ প্ৰত্যাহ্বান বুলি সহমত প্ৰকাশ কৰা বুলি শ্রীমোদীয়ে জানিবলৈ দিয়ে। প্রধানমন্ত্রীয়ে লগতে আংগোলাৰ বাহিনীসমূহৰ আধুনিকীকৰণৰ বাবে ২০ কোটি ডলাৰৰ প্ৰতিৰক্ষা ঋণৰ অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে। প্ৰতিৰক্ষা মঞ্চ আৰু যোগান ব্যৱস্থা মেৰামতিৰ বিষয়ে আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। শ্রীমোদীয়ে কয় যে ভাৰত আংগোলাৰ সশস্ত্র বাহিনীসমূহৰ প্ৰশিক্ষণত সহযোগিতা কৰিবলৈ পালে ভাৰত সুখী হ’ব। তিনিদিনীয়া ভ্রমনসূচীৰে কালি নতুন দিল্লীত উপস্থিত হোৱা ৰাষ্ট্ৰপতি জোৱাও লৰেন্সক আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আদৰণি জনায়। অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জনায়। ৰাষ্ট্ৰপতি ভৱনত আতিথ্য গ্ৰহণ কৰি আংগোলাৰ ৰাষ্ট্ৰপতিয়ে সংবাদ মাধ্যমক কয়, যে বিগত ৩৮ বছৰত এয়া হৈছে আংগোলাৰ কোনো এগৰাকী ৰাষ্ট্ৰপতি প্ৰথম ভাৰত ভ্ৰমণ আৰু এয়া আংগোলাৰ বাবে স্মৰণীয় মুহুৰ্ত হৈ থাকিব। তেওঁ এই ভ্রমণে ভাৰত আৰু আংগোলাৰ মাজত বন্ধুত্বৰ সম্পৰ্ক দৃঢ় কৰিব বুলি আশা প্রকাশ কৰে। বিদেশমন্ত্রী ড° এছ জয়শংকৰে আজি পুৱাৰ ভাগত ৰাষ্ট্ৰপতি ল’ৰেন্সক সাক্ষাৎ কৰে।

অধিক পঢ়ক

সকলো চাওক