ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতৰ মানৱ সাহায্যৰ অংশ হিচাপে সংঘৰ্ষজৰ্জৰ আফগানিস্তানলৈ ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ

আফগানিস্তানৰ জালালাবাদ মহানগৰৰ সমীপত কালি হোৱা ৰিখতাৰ স্কেলত ৬ প্লাৱল্যৰ ভূমিকম্পৰ ফলত কমেও ৮০০ লোকৰ মৃত্যু হোৱাৰ লগতে ২ হেজাৰ ৫শৰো অধিক লোক আহত হৈছে। আফগানিস্তান চৰকাৰৰ এগৰাকী মুখপাত্রই আজি এইকথা প্ৰকাশ কৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্র শ্বৰাফট জামানে কৈছে যে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে আৰু চিকিৎসা সাহায্যৰ দল অঞ্চলটোত উপস্থিত হৈ আহতসকলক চিকিৎসা প্রদান কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তানৰ ভূমিকম্পত ভালেমান লোকে প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতে সকলো ধৰণৰ সম্ভাব্য মানৱীয় সাহায্য প্ৰদান কৰাৰ বাবে সাজু আছে। শ্রীমোদীয়ে মৃত্যু হোৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।
বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে আজি আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীক ফোন কৰি ভূমিকম্পত মৃত্যু হোৱা লোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। তেওঁ জানিবলৈ দিয়ে যে ভাৰতে মানৱ সাহায্যৰ অংশ হিচাপে ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।