ভাৰতে বিশ্ব বেংক ভূমি সন্মিলন ২০২৫ত কৃষি সংস্কাৰ সম্পৰ্কীয় বিশ্বব্যাপী আলোচনাৰ নেতৃত্ব দিবলৈ আগবাঢ়িছে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অৱস্থিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়ত ৫ মে’ৰ পৰা ৮ মে’লৈ এই সন্মিলন অনুষ্ঠিত হ’ব। ভাৰতৰ পঞ্চায়তী ৰাজ বিভাগৰ সচিব বিবেক ভৰদ্বাজৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ দলে এই সন্মিলনত অংশগ্রহণ কৰিব। সন্মিলনত ভাৰতৰ দলটোৱে SVAMITVA (স্বামীত্ব) আঁচনি আৰু গ্ৰাম মানচিত্র মঞ্চ বিশ্বৰ সন্মুখত দাঙি ধৰিব।
এই বৰ্ষৰ বিশ্ববেংক ভুমি সন্মিলনৰ মূল বিষয়বস্তু হৈছে “Securing Land Tenure and Access for Climate Action: Moving from Awareness to Action”। এই সন্মিলনে বিশ্বনেতা, নীতি নিৰ্ধাৰক, বিশেষজ্ঞ আৰু বিভিন্ন উন্নয়ন সহযোগী সকলক একেখন মঞ্চলৈ অনাৰ লগতে ভূমিৰ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ বাবে ভূমিৰ প্ৰশাসনীয় দিশত নতুনত্বৰ উদ্ভাৱন আৰু জলবায়ু সংবেদনশীল শাসন আদি বিষয়ত নতুন কৌশলৰ অন্বেষন কৰিব।
ড্রোন আৰু ভূস্থানিক প্রযুক্তি ব্যৱহাৰ কৰি গ্ৰাম্য সম্পত্তিৰ আইনী মালিকিস্বত্ব প্ৰদান কৰা ভাৰতৰ স্বামীত্ব কাৰ্যসূচীৰ অধীনত ১ লাখ ৬০ হাজাৰ গাঁৱৰ প্ৰায় ২৫ নিযুতৰো অধিক পৰিয়ালক সম্পত্তি কার্ড প্ৰদান কৰা হৈছে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে এটা বিবৃত্তিত ঘোষণা কৰিছিল যে ই ১০০ নিযুতৰো অধিক সম্পত্তিৰ মানচিত্র প্রস্তুত কৰিছে, যাৰ ফলত আনুমানিক ১১৬২ ত্ৰিলিয়ন ডলাৰ মূল্যৰ ভূমি মুকলি হৈছে। বিশ্ব বেংকৰ ভূমি সন্মিলন ২০২৫ত ভাৰতৰ অংশগ্রহণে গ্রাম্য ভূমিৰ বিশ্বব্যাপী শাসনত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।