কেন্দ্ৰীয় ইলেকট্রনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ভাৰতে কৃত্রিম বুদ্ধিমত্তা অভিযানৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অর্জন কৰিছে। নতুন দিল্লীত আয়োজিত ইণ্ডিয়া এ আই মিছন মেক ইন ইণ্ডিয়া আৰু মেক এ আই ফৰ ইণ্ডিয়া শীৰ্ষক কার্যসূচীত ভাষণ দি শ্রীবৈষ্ণৱে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰযুক্তিক গণতন্ত্ৰৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এটা বিশেষ লক্ষ্য আছে যাতে নির্দিষ্ট কিছুসংখ্যক লোকৰ মাজতে প্ৰযুক্তি সীমাবদ্ধ হৈ নাথাকি সমাজৰ গৰিষ্ঠ সংখ্যক লোকে প্রযুক্তিক আঁকোৱালি ল’ব পাৰে। তেওঁ কয় যে প্ৰযুক্তিক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত সাধাৰণ গণনাই বিশেষ ভূমিকা পালন কৰে। অনুষ্ঠানত শ্রীবৈষ্ণৱে ষ্টার্টআপ, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সাধাৰণ গণনাৰ সুবিধা উপলব্ধ কৰোৱাৰ বাবে দ্বিতীয় পৰ্যায়ৰ কৃত্রিম বুদ্ধিমত্তাৰ গণনা সেৱাৰ জৰিয়তে ১৬ হাজাৰ গ্ৰাফিক প্ৰছেচিং ইউনিটৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয় যে প্ৰথম গণনাৰ সুবিধা প্ৰায় ১৮ হাজাৰ উপলব্ধ হৈছে আৰু ইয়াৰ জৰিয়তে প্রায় ৩৪ হাজাৰ গ্ৰাফিক প্ৰছেচিং ইউনিটৰ সুবিধা প্ৰদান কৰা হৈছে।
Site Admin | May 30, 2025 8:48 PM | AI - Ashwini Vaishnav
ভাৰতে কৃত্রিম বুদ্ধিমত্তা অভিযানত বিশেষ সাফল্য লাভ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য
