সন্ত্ৰাসবাদৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰতীয় সশস্ত্র বাহিনীৰ বীৰত্বক সকলো ৰাজনৈতিক দলৰ নেতাই প্ৰশংসা কৰিছে। অপাৰেচন সিন্দূৰ সন্দৰ্ভত আজি নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত সর্বদলীয় বৈঠকত ৰাজনৈতিক দলৰ নেতাসকলে এই অভিযানৰ প্ৰতি একমুখে সমর্থন প্রকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰা এই বৈঠকত বহুকেইটা দলৰ নেতাসকলে অংশগ্ৰহণ কৰে। বৈঠকত শ্রীসিঙে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত চলোৱা আক্ৰমণৰ সবিশেষ প্ৰকাশ কৰে ।
বৈঠকৰ পাছত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সাংবাদিকৰ আগত কয়, যে এই বৈঠক গঠনমূলক আছিল আৰু দেশে সম্প্রতি সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা অনুধাৱন কৰি প্ৰতিগৰাকী নেতাই অতি পৰিপক্কতাৰে তেওঁলোকৰ মত ব্যক্ত কৰিছিল। দেশৰ এনে গুৰুত্বপূৰ্ণ সময়ত ৰাজনীতিৰ বাবে কোনো স্থান নাই বুলি বিভিন্ন দলৰ নেতাসকলে মত প্ৰকাশ কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে চৰকাৰৰ প্ৰতি তেওঁলোকৰ পূৰ্ণ সমর্থন আগবঢ়ায়। এ আই এম আই এমৰ নেতা আছাদউদ্দিন ওৱেছিয়েও এই অভিযানৰ বাবে সশস্ত্র বাহিনী আৰু চৰকাৰৰ শলাগ লয়।
ইপিনে অপাৰেচন সিন্দূৰৰ পাছত সামাজিক মাধ্যমত প্ৰচাৰ হোৱা কেতবোৰ ভুৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এনে খবৰক বিশ্বাস নকৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
Site Admin | May 8, 2025 8:12 PM | All Party Meeting
ভাৰতীয় সশস্ত্র বাহিনীৰ বীৰত্বক সকলো ৰাজনৈতিক দলৰ নেতাৰ প্ৰশংসা
