প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি উল্লেখ কৰি কয় যে ভাৰতে কথা কলে বিশ্বই শুনে। কৃত্রিম বুদ্ধিমত্তাৰ গৱেষক তথা পডকাষ্টৰ বাবে বিখ্যাত লেক্স ফ্রিডমেনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয়, যে ভাৰতীয়সকলে সম্প্রীতিক আকোৱালি লোৱাৰ লগতে শান্তি বিচাৰে। ৰাছিয়া-ইউক্রেইনৰ সংঘৰ্ষ সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত শ্ৰীমোদীয়ে কয় যে দুয়োখন ৰাষ্ট্ৰই বুজাবুজিৰ মাজলৈ আহিলেহে সংঘৰ্ষ সমাধানৰ পথ প্ৰশস্ত হ’ব। ইউক্রেইনে মিত্ৰ দেশসমূহৰ সৈতে বহুবাৰ আলোচনাত মিলিত হ’লেও উভয় পক্ষই আলোচনা নকৰালৈকে এয়া ফলৱৰ্তী নহব বুলি মত প্ৰকাশ কৰে। সাম্প্ৰতিক পৰিস্থিতিয়ে ভাৰত আৰু ইউক্রেইনৰ মাজত অৰ্থপূৰ্ণ তথা সফল আলোচনাৰ বাট মুকলি কৰা বুলিও তেওঁ উল্লেখ কৰে। ভাৰত আৰু চীনৰ সম্পর্ক সন্দৰ্ভত শ্রীমোদীয়ে কয় যে দুয়োখন দেশৰে পুৰাতন সংস্কৃতি তথা ইতিহাস থকাৰ লগতে উভয় দেশৰ মাজৰ সম্পর্ককো নতুন বুলি কব নোৱাৰি। তেওঁ কয় যে ভাৰত আৰু চীনে উমৈহতীয়াভাৱে আন্তৰাষ্ট্ৰীয় প্ৰগতিৰ হকে বৰঙণি যোগাইছে। পূৰ্বৰ শতিকাসমূহত ভাৰত আৰু চীনৰ সংঘৰ্ষৰ কোনো নজিৰ নাই বুলি তেওঁ প্ৰকাশ কৰে। দুয়োখন দেশৰ মাজৰ শক্তিশালী সম্পর্ক ভৱিষ্যতেও অব্যাহত থাকিব বুলি আশা প্রকাশ কৰে। চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ মাজত বহুক্ষেত্ৰত পাৰ্থক্য থকাটো স্বাভাৱিক বুলি উল্লেখ কৰি তেওঁ কয় যে এনে ক্ষেত্ৰত সময়ে সময়ে মত পার্থক্য থাকিব পাৰে। এই পার্থক্য যাতে কোনো সংঘৰ্ষৰ সৃষ্টি নকৰে তাক সুনিশ্চিত কৰাতো গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ
কৰে।
Site Admin | March 16, 2025 8:15 PM | PM Modi at Podcast
ভাৰতক গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ ভূমি বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ
