বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৰোগী বা পৰিয়ালৰ লোকে ৰোগীৰ পৰীক্ষাৰ ৰিপ’ৰ্ট সংগ্ৰহ কৰাত সহায়ক হোৱাকৈ হাস্পতাল কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়াৰে পৰা হাস্পতালখনত চিকিৎসাধীন ৰোগীৰ পৰীক্ষাৰ ৰিপ’ৰ্টসমূহ ৰোগীজন ভৰ্তি হৈ থকা বিছনাত গৈ চিকিৎসাকৰ্মীয়ে প্ৰদান কৰিব। বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে গ্ৰহণ কৰা এই পদক্ষেপ ৰোগী তথা ৰোগীৰ পৰিয়ালৰ বাবে ডাঙৰ সকাহ হিচাপে পৰিগণিত হৈছে। ইপিনে, হাস্পতালখনৰ কৰ্তৃপক্ষই ৰোগীৰ যিকোনো অসুবিধা বা কোনো অভিযোগ দাখিলৰ বাবে দুটাকৈ হেল্পলাইন নম্বৰো মুকলি কৰিছে। ৰোগী বা তেওঁলোকৰ আত্মীয়-স্বজনে 98647-71192 আৰু 88228-68239 নম্বৰত ফোন কৰি চিকিৎসক বা চিকিৎসা সম্পৰ্কীয় কোনো সমস্যা বা অভিযোগ থাকিলে হাস্পতাল কৰ্তৃপক্ষক জনাব পাৰিব। লগতে হাস্পতালৰ সেৱা আৰু সুবিধা সম্বন্ধে মতামত দিবলৈ ৰোগীসকলক ফিডবেক ফৰ্ম প্ৰদান কৰা হৈছে। ৰোগী বা তেওঁলোকৰ পৰিয়ালে ইচ্ছা কৰিলে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ অথবা অধীক্ষকৰ কাৰ্যালয় কক্ষত উপস্থিত হৈ প্ৰত্যক্ষভাৱে নিজৰ সমস্যা বা যিকোনো অভিযোগ দাখিল কৰাৰো সুবিধা প্ৰদান কৰিছে। বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে জনোৱা মতে, তেঁওলোকৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে ৰোগীসকলক উন্নত মানৰ চিকিৎসা সেৱা প্ৰদান কৰা। এই নতুন পদক্ষেপৰ জৰিয়তে ৰোগীৰ অভিযোগ আৰু প্ৰয়োজনসমূহ সোনকালে সমাধান কৰাত সহায় কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে। এই পৰিৱৰ্তনসমূহে বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চিকিৎসা সেৱাৰ মান উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে হাস্পতালখনৰ অধ্যক্ষগৰাকীয়ে ।
Site Admin | May 10, 2025 12:22 PM | barpeta faamc
বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৰোগীৰ পৰীক্ষাৰ ৰিপ’ৰ্ট সংগ্ৰহৰ বিশেষ ব্যৱস্থা
