ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সাক্ষাৎ কালত প্ৰধানমন্ত্রী মোদীয়ে উভয় দেশৰ মাজত বর্ধিত দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰতি আদৰণি জনায় আৰু ভাৰত-ব্ৰিটেইন সৰ্বাত্মক সহযোগিতা গভীৰ হোৱাৰ বিষয় লৈ সন্তুষ্টি প্ৰকাশ কৰে। বিদেশ মন্ত্রী ডেভিদ লেমিয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, প্রযুক্তি, উদ্ভাৱন আৰু নিকা শক্তিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
দুয়োগৰাকী নেতাই বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈও মত বিনিময় কৰে। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে পেহেলগাম সন্ত্রাসবাদী আক্রমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু সীমান্তৰে চলা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ প্ৰতি সমর্থন প্রকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু ইয়াৰ পৃষ্ঠপোষকসকলৰ বিৰুদ্ধে নির্ণায়ক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে।
Assamese | June 8, 2025 12:36 PM | UK Foreign Minister David Lamy meet PM Modi
ব্ৰিটেইনৰ বিদেশ মন্ত্রী ডেভিদ লেমিৰ নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ