ডাউনলোড
মোবাইল এপ

android apple
signal

ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰা বিনীতা চেত্ৰীক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গুণমুগ্ধৰ আদৰণি

আন্তঃৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানকাৰী মঞ্চ ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰি ৰাজ্য তথা দেশলৈ সুনাম কঢ়িয়াই অনা কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিনীতা চেত্ৰীক আজি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত গুণমুগ্ধসকলে আদৰণি জনায়। এই সন্মান লাভ কৰি অতিশয় আনন্দিত বুলি সাংবাদিকৰ আগত বিনীতাই প্ৰকাশ কৰে। ইয়াৰ পাছতে তেওঁ শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ পূজা-অৰ্চনা আগবঢ়ায়। অসম জীয়ৰীগৰাকীৰ এই সাফল্যত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰা অপূৰ্ব নৃত্য শৈলীৰে বিচাৰক আৰু দৰ্শকক মুগ্ধ কৰা শিল্পী গৰাকীয়ে চূড়ান্ত পৰ্যায়লৈ দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হল বুলি মুখ্যমন্ত্রীয়ে প্ৰকাশ কৰে। ড০ শৰ্মাই বিনীতা চেত্ৰীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷

অধিক পঢ়ক

সকলো চাওক