ডাউনলোড
মোবাইল এপ

android apple
signal

May 9, 2025 8:01 PM | MEA Briefing

printer

বৈদেশিক সচিব বিক্রম মিশ্রি, কর্ণেল ছোফিয়া কুৰেশ্বি, উইং কমাণ্ডাৰ ব্যোমিকা সিঙৰ সংবাদমেল

পাকিস্তানে আজি পুৱতি নিশাৰে পৰা দেশৰ পশ্চিম অংশৰ জম্মু আৰু কাশ্মীৰৰ লে’হৰ পৰা গুজৰাটৰ চাৰ ক্ৰিকলৈকে সম্পূর্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৩৬ খন স্থানত শক্তিশালী কামান আৰু অস্ত্ৰ- শস্ত্ৰৰে আক্ৰমণ চলায়। ইয়াৰ উপৰিও পাকিস্তানে কেইবাটাও অঞ্চলত ড্রোনেৰে ভাৰতীয় সীমাৰ ভিতৰত সোমাই সশস্ত্র বাহিনীৰ ঘাটি আৰু গুৰুদ্বাৰাকে ধৰি সৰ্বসাধাৰণৰ ৰাইজৰ বাসগৃহ আৰু সম্পত্তিৰ ওপৰত আক্রমণ চলোৱাৰ চেষ্টা কৰে। ভাৰতীয় আকাশমাৰ্গ প্ৰতিৰক্ষা প্ৰণালী আৰু আন সামৰিক উপায়েৰে পাকিস্তানৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হয়। আজি বিয়লি নতুন দিল্লীত বৈদেশিক সচিব বিক্রম মিশ্রি আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্র কর্ণেল ছোফিয়া কুৰেশ্বি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। সামৰিক বিষয়া দুগৰাকীয়ে কয়, যে পাকিস্তানে এই আক্ৰমণত ব্যৱহাৰ কৰা কেইবাখনো ড্রোন ভাৰতে ভূপতিত কৰে। প্ৰাথমিক অনুসন্ধানৰ দ্বাৰা এই ড্রোনকেইখন তুৰস্কত তৈয়াৰ কৰা ড্রোন বুলি থাৱৰ কৰা হৈছে। ইয়াৰ উপৰিও পাকিস্তানে যোৱা নিশা পাঞ্জাবৰ ভাটিন্দাত থকা সেনা বাহিনীৰ এটা ঘাটিকো আক্ৰমণ কৰাৰ চেষ্টা চলায়। এই মানৱ বিহীন যানখনো ভূপতিত কৰা হয়। পাকিস্তানৰ এই দায়িত্ব জ্ঞানহীন আক্রমণক কেইবাজনো ভাৰতীয় সৈন্য আৰু অসামৰিক লোক হতাহত হৈছে। কর্ণেল কুৰেশ্বিয়ে কয় যে পাকিস্তানে যোৱা নিশা প্ৰায় ৩শৰ পৰা ৪শ খন ড্রোন ব্যৱহাৰ কৰিছিল আৰু ভাৰতীয় বাহিনীসমূহে এইসমূহক গতিশীল আৰু ভূমিভাগৰ পৰা নিক্ষেপ কৰা অস্ত্ৰপ্ৰণালীৰে প্ৰতিহত আৰু ধ্বংস কৰে। ভাৰতৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ কাৰ্যকৰীতা পৰীক্ষা কৰা আৰু চোৰাংচোৱা তথ্য আহৰণ কৰাৰ বাবেই এই আক্রমণ চলোৱা হৈছিল বুলি কৰ্ণেল কুৰেশ্বিয়ে প্ৰকাশ কৰে।
উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয়, যে এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ পৰিস্থিতি সত্তেও পাকিস্তানে ইয়াৰ যাত্ৰীবাহী বিমানসেৱা বন্ধ কৰা নাই। কালি লাহোৰ আৰু কৰাচিৰ মাজত চলাচল কৰা এখন এয়াৰবাছ 320 বিমান পাকিস্তানৰ আকাশমাৰ্গত সন্ধিয়া ৭ বজাৰ পৰা নিশা চাৰে ন বজাৰ ভিতৰত দেখা পাই ভাৰতে সংযমৰ পৰিচয় দি নিজৰ ড্রোন আক্ৰমণ স্থগিত ৰাখে ।
বৈদেশিক সচিব বিক্রম মিশ্রিয়ে পাকিস্তানৰ যোৱা নিশা আৰু আজিৰ কাৰ্যকলাপসমূহক অতিশয় উচতনিমূলক বুলি আখ্যা দিয়ে আৰু ইয়াক দুই দেশৰ মাজৰ পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ প্ৰয়াস বুলি মন্তব্য কৰে। তেওঁ কয় যে পাকিস্তানৰ এই আগ্ৰাসনৰ ভাৰতে সমানুপাতিক আৰু পৰ্যাপ্ত প্ৰত্যুত্তৰ দিয়াৰ লগতে ভাৰতে এই সময়তো এখন দায়িত্বশীল ৰাষ্ট্ৰৰ দৰে আচৰণ কৰিছে। তেওঁ লগতে কয়, যে পাকিস্তানে পুঞ্চৰ এটা গুৰুদ্ধাৰাত গোলাবর্ষণ কৰাৰ ফলত এজন লোক নিহত আৰু শিশুকে ধৰি কেইবাজনো লোক আহত হৈছে। ইয়ে পাকিস্তানৰ দ্বিচাৰিতাৰ কথাকে প্ৰমাণ কৰিছে বুলি মিশ্রিয়ে উল্লেখ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক সচিবগৰাকীয়ে কয়, যে বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নানকানাচাহিব সংযোগী কাৰ্টাৰপুৰ কৰিড’ৰ সাময়িকভাৱে বন্ধ কৰা হৈছে। আজি হবলগীয়া আন্তর্জাতিক মুদ্রানিধি চমুকৈ আই এম এফৰ বৈঠকত ভাৰতে পাকিস্তানৰ পূৰ্বৰ আই এম এফৰ ঋণ মকুব কৰাৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিব বুলিও মিশ্রিয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক