● অৰুণাচল প্ৰদেশৰ নামচাইত কালিৰে পৰা অনুষ্ঠিত বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি পৰিব। আজি নামচাইৰ বিখ্যাত গ’ল্ডেন পেগোডাত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা অনুষ্ঠিত হ’ব। কালি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ছাওনা মেইনে এই অভিৱৰ্তন উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ সংস্কৃতি মন্ত্ৰ্যালয়ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘই এই অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত গুৱাহাটীস্থিত ভূটানৰ কাচ’ল জেনেৰেল জিগমে থিনলে নামগিয়াল, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ সঞ্চালক অভিজিত হালদাৰৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কালি প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ-পূবৰ কলা-সংস্কৃতি আৰু ইতিহাসৰ ওপৰত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ সন্দৰ্ভত তিনিখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত কম্বোদিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু ভূটানৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ বৌদ্ধ ভিক্ষুসকলে অংশগ্ৰহণ কৰিছে।
Assamese | April 22, 2025 12:01 PM | Akashvani Guwahati | Arunachal Pradesh | Boudhist
বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি