ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিহাৰৰ পাটনাত খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ ২০২৫ আৰম্ভ

বিহাৰৰ ৰাজধানী পাটনাৰ পাতলিপুত্ৰ ক্ৰীড়া চৌহদত আজি বিয়লি আকর্ষণীয় অনুষ্ঠানেৰে খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া মহোৎসৱ ২০২৫ আৰম্ভ হৈছে। অহা ১৫ মে’লৈ হ’বলগীয়া এই প্ৰতিযোগিতাত ১৮ বছৰ অনুৰ্থ ৮৫০০ ৰো অধিক প্ৰতিভাবান খেলুৱৈয়ে ২৮ টা শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিহাৰৰ পাটনা, ৰাজগীৰ, গয়া, ভগলপুৰ আৰু বেগুচৰাইসহ ছখন চহৰত প্ৰতিযোগিতাৰ ২৮ টা শিতানৰ খেল অনুষ্ঠিত হ’ব। তিনিটা শিতানৰ খেল নতুন দিল্লীত খেলোৱা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ খেল’ ইণ্ডিয়া উদ্যমৰ অধীনত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ এয়া হৈছে সপ্তম সংস্কৰণ। প্রতিযোগিতাৰ শ্বুটিং, জিমনাষ্টিকছ্ আৰু ট্রেক চাইক্লিং শিতানৰ খেলসমূহ নতুন দিল্লীত অনুষ্ঠিত হ’ব। বাকী শিতানৰ খেলসমূহ বিহাৰত খেলোৱা হ’ব।