ডাউনলোড
মোবাইল এপ

android apple
signal

May 16, 2025 8:25 PM | Gayatri Death

printer

বিশিষ্ট কণ্ঠশিল্পী গায়ত্রী হাজৰিকাৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী গায়ত্রী হাজৰিকাৰ আজি আবেলি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৪৩ বছৰ। সৰা পাতে পাতে ফাগুন নামে, জোনাক নাছিল বনত, মন মোৰ উৰি ফুৰে, যেতিয়া জোনাক নামিছিল, মাথো এজাক বৰষুণ আদিকে ধৰি বহুকেইটা জনপ্ৰিয় গীতেৰে জনসাধাৰণক মোহাচ্ছন্ন কৰা গায়ত্ৰী হাজৰিকাই ২০২১ চনত ৰত্নাকৰ বোলছবিৰ ৰাতি ৰাতি শীৰ্ষক গীতটোৰ বাবে শ্রেষ্ঠ কণ্ঠ শিল্পীৰ প্ৰাগ চিনে এৱাৰ্ড লাভ কৰিছিল। তেওঁ বৈদেহি, ৰ’দালি, দামিনি, পৰিনিতা, আপ্পনা আদি অসমীয়া চিৰিয়েলৰ শীৰ্ষ গীততো কণ্ঠদান কৰিছিল। যোৱা বছৰ মুক্তি পোৱা অসমীয়া ছবি সুন্দৰপুৰ কেঅছৰো তেওঁ অন্যতম প্রযোজক আছিল। গুৱাহাটীৰ তাৰিণি চৌধুৰী ছোৱালী হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰা গায়ত্ৰী হাজৰিকাই কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা সংগীতত স্নাতক ডিগ্রী লাভ কৰাৰ লগতে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীতৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৯২ চনতে আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত শিশু শিল্পী হিচাপে গীত পৰিৱেশন কৰা গায়ত্ৰী হাজৰিকা আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্রাপ্ত শিল্পী আছিল। শিল্পীগৰাকীৰ নশ্বৰ দেহ গীতানগৰ বিহুতলিলৈ অনা হৈছে আৰু ইয়াত সাংস্কৃতিক জগতৰ ভালেসংখ্যক কৰ্মী আৰু গুণমুগ্ধই তেওঁৰ প্ৰতি শেষ শ্রদ্ধা জনাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বিভিন্নজনে শিল্পীগৰাকীৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰিছে। আজি সন্ধিয়া নৱগ্ৰহ শ্মশানত শিল্পীগৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হ’ব। গায়ত্ৰী হাজৰিকাৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে।

অধিক পঢ়ক

সকলো চাওক