ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বিমান সংস্থাসমূহক কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ বিমান পৰিবহন মন্ত্ৰ্যালয়ৰ

চৰকাৰে বিমান সংস্থাসমূহক যাত্ৰী নিৰাপত্তা, সুৰক্ষা তথা যাত্ৰাৰ সূচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। বিমান পৰিবহন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি, শেহতীয়া ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত কিছু স্থানত আন্তঃৰাষ্ট্ৰীয় বিমান পথ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপিত হোৱাৰ বাবে কেইবাখনো বিমানৰ যাত্ৰাপথ সলনি কৰা হৈছে। ইয়াৰ ফলত বিমান যাত্ৰা দীঘলীয়া হৈ পৰাৰ লগতে কাৰিকৰি কাৰণত যাত্ৰাপথত ৰ’বলগীয়া হোৱাৰ সম্ভাৱনাও দেখা গৈছে। মন্ত্ৰ্যালয়ে বিমান সংস্থাসমূহক যাত্ৰা পথৰ সাল-সলনি, দীঘলীয়া যাত্ৰা তথা যাত্ৰী পথত ৰ’বলগীয়া স্থান সন্দৰ্ভত যাত্রীসকলক সবিশেষ জনাবলৈ নিৰ্দেশ দিছে। যাত্রীসকলে বিমান বন্দৰত উপস্থিত হৈ চেক ইন কৰা, বিমানত প্ৰৱেশ কৰাৰ সময়ত তথা ডিজিটেল মাধ্যমেৰে যাত্ৰীসকলক অৱগত কৰাবলৈ বিমান সংস্থাসমূহক নির্দেশ দিয়া হৈছে। তদুপৰি যাত্ৰাপথত যথেষ্ট খাদ্যবস্তু, পানীকে ধৰি যাৱতীয় প্রয়োজনীয় সামগ্ৰীসমূহ মজুত ৰাখিবলৈও বিমান সংস্থাসমূহক নির্দেশ দিয়া হৈছে। মন্ত্ৰ্যালয়ে চিকিৎসা সাহায্য সামগ্রী মজুত ৰাখিবলৈও বিমান সংস্থাসমূহক নির্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।