ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 24, 2024 7:53 PM | Dr. S Jaishankar

printer

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ইটালীৰ ৰোমত উপস্থিত হৈছে। তেওঁ ইটালীৰ ফিউগী ভ্ৰমণ কৰিব আৰু জি-ছেভেন বিদেশ মন্ত্ৰীৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত ভাৰতক অতিথি দেশ হিচাপে আমন্ত্ৰণ কৰা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে ৰোমত এম ই ডি ভূমধ্য সাগৰীয় আলোচনাৰ দশম সংস্কৰণতো অংগ্ৰহণ কৰিব। ড০ এছ জয়শংকৰে ৰোমত ভাৰতীয় দূতাবাসৰ নতুন চৌহদো মুকলি কৰিব।