ডাউনলোড
মোবাইল এপ

android apple
signal

বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নৰ

আসাম ট্রিবিউন এমপ্লইজ ইউনিয়নে ট্রিবিউন গোষ্ঠীৰ বৰ্তমানৰ বিত্তীয় সংকটৰ সমাধানৰ বাবে চৰকাৰৰ পৰা বিজ্ঞাপনৰ বাবদ পাবলগীয়া ধন সময়মতে আদায় দিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে। আজি দুপৰীয়া গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত ইউনিয়নৰ সভাপতি শিৱপ্ৰসাদ ডেকা আৰু সাধাৰণ সম্পাদক দুগ্ধৰাম কলিতাই কয়, যে ট্ৰিবিউন গোষ্ঠীৰ কৰ্মচাৰীসকলে যোৱা মাৰ্চ মাহৰ দৰমহাৰ ৭৫ শতাংশ লাভ কৰিছে আৰু এপ্ৰিল আৰু মে’ মাহৰ দৰমহা আজি পর্যন্ত লাভ কৰা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত ইউনিয়নে যোৱা ১৩ মে’ৰ পৰা আসাম ট্ৰিবিউন পৰিসৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই ৮৭ বছৰ পূৰ্বে প্ৰতিষ্ঠা কৰা আসাম ট্রিবিউন কাকতে অসমীয়া জাতীয় জীৱনৰ সমৃদ্ধি আৰু জাতীয় সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কৰ্মচাৰী সংগঠনটোৱে মন্তব্য কৰে। বৰ্তমান সময়ত সামাজিক মাধ্যমত আসাম ট্ৰিবিউন গোষ্ঠীৰ মালিকনা হস্তান্তৰণকে ধৰি কেতবোৰ বাতৰি প্ৰকাশ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ইউনিয়নৰ স্থিতি স্পষ্ট কৰাৰ বাবেই আজিৰ এই সংবাদমেলৰ প্ৰয়োজন হৈছে বুলি সভাপতি ডেকা আৰু সাধাৰণ সম্পাদক কলিতাই মন্তব্য কৰে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মর্যাদা লাভ কৰাৰ পটভূমিত অসমীয়া কাকত আলোচনীত ৰক্ষা কৰাৰ বাবে চৰকাৰে অধিক সক্রিয় ভূমিকা ল’ব লাগে বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক