ডাউনলোড
মোবাইল এপ

android apple
signal

বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে বিগত ১০ বছৰত দেশৰ স্বাস্থ্য আন্তঃগাথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন হৈছে। নাগপুৰৰ জামাথা অঞ্চলত নেচনেল কেঞ্চাৰ ইন্সটিটিউটত কৰ্কট ৰোগীৰ আত্মীয়ৰ সুবিধাৰ বাবে নিৰ্মাণ কৰিবলগীয়া এটা আৱাসিক ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তেওঁ এই মন্তব্য কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা স্বাস্থ্য সুবিধা সন্দৰ্ভত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে স্নাতক আৰু স্নাতকোত্তৰ চিকিৎ‍সা পাঠ্যক্ৰমত চিকিৎসালয় আৰু আসনৰ সংখ্যা যথেষ্ট বৃদ্ধি কৰা হৈছে। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবীজ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাওনাকোলে উপস্থিত থাকে। ইয়াৰ পিছতে গৃহমন্ত্ৰীগৰাকীয়ে নাগপুৰ জিলাৰ চিচলিত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী নিতিন গাডকাৰীও উপস্থিত থাকে।
আনহাতে, মহাৰাষ্ট্ৰৰ নানদেদত অনুষ্ঠিত আন এখন জনসভাত ভাষণ দি কেন্দ্রীয় গৃহ মন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদ আৰু নক্সালবাদ সন্দৰ্ভত মোদী চৰকাৰৰ অদম্য স্থিতিৰ কথা পুনৰ দোহাৰে। শেহতীয়াকৈ সংঘটিত পেহেলগাম কাণ্ডৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তৰ সীপাৰৰ সন্ত্ৰাসবাদীৰ ঘাটিসমূহক লক্ষ্য কৰি ভাৰতে চলোৱা অপাৰেশ্বন সিন্দুৰৰ জৰিয়তে ভাৰতৰ দ্ৰুত আৰু নির্ণায়ক ভূমিকাক লৈ আলোকপাত কৰে। তেওঁ কয় যে এই অভিযানে বিশ্ববাসীলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। নতুন ভাৰতে দেশৰ জনতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কোনো শক্তিকে প্রশ্রয় নিদিয়ে সেই কথা এই অভিযানে প্ৰমাণ কৰি দিলে।

অধিক পঢ়ক

সকলো চাওক