● মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ জালাহত বিজেপিৰ কৰ্মী সন্মিলনত ভাগ ল’ব। ভ্ৰমণকালত মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত গ্রহণ কৰা উন্নয়ন প্রচেষ্টাসমূহৰ বুজ ল’ব। তেওঁ লগতে জনসাধাৰণৰ সৈতে সৈতে চৰকাৰী আঁচনি আৰু ৫টা মণ্ডলৰ কৰ্মীৰ সৈতে বিটিচি নির্বাচন সন্দৰ্ভত মত বিনিময় কৰিব।
ড০ শৰ্মাই কালি তামুলপুৰ জিলাত ৰাজ্য চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ ৰূপায়ণ আৰু অগ্রগতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি, হিতাধিকাৰীৰ সংখ্যা আৰু তৃণমূল পৰ্যায়ত ইয়াৰ প্ৰভাবৰ পৰ্যালোচনা কৰে। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিটিআৰ অঞ্চলৰ সকলো জাতি-জনগোষ্ঠীৰ লোকে এই আঁচনিসমূহৰ জৰিয়তে যাতে উপকৃত হ’ব পাৰে, এই বিষয়টো তেওঁ নিশ্চিত কৰিছে। ড০ শৰ্মাই কালি তামুলপুৰত বিজেপিৰ নতুন জিলা কাৰ্যালয় উদ্বোধন কৰে। তেওঁ ডং বান্ধ সমিতিৰ প্ৰতিনিধিবর্গৰ সৈতে এখন বৈঠকত মিলিত হৈ তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে। মুখ্যমন্ত্রীয়ে লগতে জিলাখনৰ কেইবাটাও দল-সংগঠনৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাইলৈ চিৰাং আৰু পৰহিলৈ কোকৰাঝাৰ ভ্ৰমণ কৰিব।
Site Admin | July 5, 2025 1:48 PM | Akashvani Guwahati | Chief Minister Himanta Biswa Sarma | CMO Assam
বাক্সাৰ জালাহত বিজেপিৰ কৰ্মী সন্মিলনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব
