ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে

বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত প্ৰায় ১ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুযায়ী দেশখনৰ বিভিন্ন বন্দৰেৰে ৭৭৮ গৰাকী ছাত্র-ছাত্রী ইতিমধ্যে দেশলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি ঢাকা আৰু চট্টগং বিমান বন্দৰৰ নিয়মীয়া বিমান সেৱাৰে প্রায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰী ঘৰলৈ উভতি আহিছে। মন্ত্ৰ্যালয়ে জনোৱা অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগং, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰি অহাত সহায় কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া বিবৃতি অনুযায়ী স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়ুক্ত আৰু সহকাৰী উচ্চায়ুক্তসকলে ভাৰত-বাংলাদেশৰ সীমান্ত পাৰ কৰি ভাৰতীয় নাগৰিক সকলৰ নিৰাপদ যাত্ৰা সুনিশ্চিত কৰিছে। ইয়াৰ বাবে মন্ত্ৰ্যালয়ে সামৰিক বিমান পৰিবহণ, স্থল বন্দৰ আৰু সীমা সুৰক্ষা বাহিনীৰ কৰ্তৃপক্ষৰ সহযোগিতাত পদক্ষেপ গ্ৰহণ কৰিছে।