ডাউনলোড
মোবাইল এপ

android apple
signal

May 26, 2025 12:49 PM | PM Modi

printer

বডোদড়াৰ ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণ আৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোডত প্ৰায় ২৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰাৰ পূৰ্বে বডোদড়াত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।

       দুদিনীয়া এই গুজৰাট ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে দাহোডৰ বৈদ্যুতিক ৰে’ল ইঞ্জিন নির্মাণ প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। আমাৰ সংবাদদাতাই জনোৱা মতে এই প্ৰকল্পৰ জৰিয়তে অহা ১১ বছৰত এহেজাৰ ২০০টা বৈদ্যুতিক মালবাহী ৰে’ল ইঞ্জিন নিৰ্মাণ কৰি উলিওৱা হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে ৯ হাজাৰ অশ্বক্ষমতা সম্পন্ন বৈদ্যুতিক ৰে’ল ইঞ্জিনো মুকলি কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে ভূজত ৫৩ হাজাৰ ৪০০ হাজাৰ কোটিৰে অধিক ব্যয় সাপেক্ষ আন কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰিব ।

অধিক পঢ়ক

সকলো চাওক