বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে দিনযোৰা কাৰ্যসূচীৰে সভা

বিদ্যায়তনিক দিশৰ উৎকৰ্ষ সাধনৰ অৰ্থে আজি বজালী জিলা অধিবিদ্যা পৰিষদৰ সহযোগত পাঠশালা চিনিয়ৰ চেকেণ্ডাৰী স্কুলত দিনযোৰা কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত হয়। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই বিদ্যালয়ৰ প্ৰধানসকলৰ সৈতে এই সংক্রান্তীয় বিভিন্ন দিশ সন্দৰ্ভত মত-বিনিময় কৰে। বিশেষকৈ গুণোৎসৱ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক নোহোৱা বিদ্যালয়সমূহৰ ফলাফল ভৱিষ্যতে কেনেদৰে উন্নত কৰিব পাৰি সেই সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰে। তদুপৰি পৰিদৰ্শকগৰাকীয়ে শিক্ষা সেঁতুত শিক্ষক শিক্ষাৰ্থীৰ এশ শতাংশ উপস্থিতি নিশ্চিত কৰা, শিক্ষাৰ্থীসকলৰ পঠন, লিখন আৰু সাংখিক দক্ষতা উন্নত কৰা, নিয়মিতভাৱে অভিভাৱক সন্মিলন অনুষ্ঠিত কৰা আদি বিভিন্ন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি পৰামৰ্শ দিয়ে। বিদ্যালয়সমূহত শিক্ষার্থী অনুপাতে শিক্ষকৰ অভাৱ পূৰণ কৰাৰ বাবে তেওঁ আশ্বাস দিয়ে। সভাত বজালী খণ্ড প্রাথমিক শিক্ষা বিষয়া উপস্থিত থাকি বিদ্যালয়সমূহৰ শৈক্ষিক পৰিবেশ উন্নত কৰাৰ ক্ষেত্ৰত সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ নিশ্চিতি দিয়ে। বজালী জিলা অধিবিদ্যা পৰিষদৰ সভাপতিও সভাত অংশগ্ৰহণ কৰি সংশ্লিষ্ট সকলোকে নিজৰ বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ উন্নত কৰাৰ বাবে আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।