ডাউনলোড
মোবাইল এপ

android apple
signal

বজালীৰ পাটাছাৰকুছিৰ বেজকুছিৰ সমাজহিতৈষী ব্যক্তি শ্রীপদ চৌধুৰীৰ শেষকৃত্য অগণন গুণমুগ্ধৰ উপস্থিতিত মুক্তিধাম শ্মশানত সম্পন্ন

বজালী জিলাৰ পাটাছাৰকুছিৰ বেজকুছিৰ সমাজহিতৈষী ব্যক্তি শ্রীপদ চৌধুৰীৰ শেষকৃত্য আজি অগণন গুণমুগ্ধৰ উপস্থিতিত মুক্তিধাম শ্মশানত সম্পন্ন হয়। শেষকৃত্য অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে অংশগ্ৰহণ কৰে। শুকুৰবাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা শ্ৰীপদ চৌধুৰীৰ মৃতদেহ মাজনিশা স্বগৃহলৈ অনাৰ পাছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আজি পুৱা বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত আশ্রাফুল আমিন, অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয়কে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বজালী ক্রীড়া সন্থা আৰু পাটাছাৰকুছি শাখা সাহিত্য সভাৰ তৰফৰ পৰাও শ্ৰীপদ চৌধুৰীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অঞ্চলটোৰ আন অনুষ্ঠান প্রতিষ্ঠানেও শ্রীপদ চৌধুৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উল্লেখযোগ্য যে গ্রন্থ প্ৰকাশনৰ লগত জড়িত শ্রীপদ চৌধুৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত আছিল। শ্ৰীপদ চৌধুৰীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক