ফ্ৰান্সত ন’ৰৱেৰ মীন আৰু মহাসাগৰ নীতি মন্ত্ৰী মেৰিয়েন চাইবাৰছেন নেছৰ সৈতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ বৈঠক

ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে আজি ফ্ৰান্সত ন’ৰৱেৰ মীন আৰু মহাসাগৰ নীতি মন্ত্ৰী মেৰিয়েন চাইবাৰছেন নেছৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰসংঘৰ তৃতীয় মহাসাগৰীয় সন্মিলনৰ আপাহতে অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী নেতাই বহনক্ষম মীন পালন, সামুদ্রিক সম্পদৰ ব্যৱস্থাপনা আৰু সামুদ্রিক অর্থ ব্যৱস্থাৰ বিস্তৃত পৰিকাঠামোৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁলোকে লগতে বহনক্ষম মহাসাগৰ প্ৰশাসন আৰু মীন পালন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিবলৈ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰে। ফ্ৰান্সৰ নিচেত সোমবাৰৰ পৰা ৰাষ্ট্ৰসংঘৰ তৃতীয় মহাসাগৰীয় সন্মিলন অনুষ্ঠিত হৈছে। এই বৈঠকত খণ্ডটোৰ সৈতে জড়িত বিজ্ঞানী, নীতি প্রণেতা আৰু উদ্যোগ জগতৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে।