পৱিত্ৰ হজৰ বাবে ৰাজ্যৰ ৩১৯ জনীয়া প্ৰথমটো দল আজি মদিনালৈ ৰাওনা হৈছে। আজি পুৱা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত আয়োজিত এটা অনুষ্ঠানত অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে পতাকা জোকাৰি হজ যাত্ৰাৰ শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে, ৩২১ জনীয়া দলটোৰ দুগৰাকী বিশেষ অসুবিধাৰ বাবে এই যাত্ৰাৰ পৰা বিৰত থাকে। অধ্যক্ষ নেকিবুৰ জামানে জনাই যে, আজিৰ পৰা ৮ মে’লৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ দুহেজাৰ ৭৮২ গৰাকী হজ যাত্ৰী মক্কা আৰু মদিনালৈ ৰাওনা হ’ব। ইয়াৰ ভিতৰত পুৰুষ হজ যাত্ৰীৰ সংখ্যা এহেজাৰ ৯২৭ জন আৰু মহিলা হজ যাত্ৰীৰ সংখ্যা ৮৪৪ গৰাকী। প্রতিদিনে একোখন বিমানত ৩২১ গৰাকীকৈ যাত্ৰীয়ে মক্কা আৰু মদিন অভিমুখে ৰাওনা হ’ব।
Assamese | May 3, 2025 6:46 PM | Assam Haj
পৱিত্ৰ হজৰ বাবে ৰাজ্যৰ ৩১৯ জনীয়া প্ৰথমটো দল মদিনালৈ ৰাওনা