ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সন্দৰ্ভত ১০ খন শিক্ষানুষ্ঠানৰ ৯ গৰাকী অধ্যক্ষ, ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষকক চাকৰিৰ পৰা নিলম্বন

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সন্দৰ্ভত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ ১০ খন শিক্ষানুষ্ঠানৰ ৯ গৰাকী অধ্যক্ষ, ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষকক চাকৰিৰ পৰা নিলম্বন কৰিছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রশ্নকাকত ফাদিলৰ ঘটনাক লৈ শিক্ষককেইগৰাকীলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল আৰু এই ক্ষেত্ৰত সন্তোষজনক উত্তৰ লাভ নকৰাৰ বাবে তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰা হয়। সেই অনুসৰি শোণিতপুৰৰ নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড০ ৰোহিত চন্দ্ৰ ৰাভা, নগাঁৱৰ পি এম শ্ৰী কঠিয়াতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সন্ধ্যা বেজবৰুৱা, ধেমাজিৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কবিতা চুতীয়া, ধেমাজিৰ দুলিমেৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্রদীপ কুমাৰ দত্ত, ধেমাজি গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ চক্ৰৱৰ্তী বৰগোহাঁই, পশ্চিম জোনাই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গোপীৰাম দলে, মাজুলীৰ কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লীলামণি বৰগোহাঁই, ধুবুৰীৰ লক্ষীগঞ্জ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হক মণ্ডল, ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্রদীপ কুমাৰ কলিতা আৰু গোৱালপাৰাৰ বগুৱান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক হিমানী দত্তক নিলম্বন কৰা হৈছে।