প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত নিয়ন্ত্ৰকসকলৰ সন্মিলন ২০২৫ মুকলি কৰিব। প্ৰতিৰক্ষা গণনা বিভাগে তিনিদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে এই সন্মিলনত ৮খনকৈ উচ্চ পৰ্যায়ৰ বাণিজ্যিক অধিবেশন আয়োজিত হ’ব। এই অধিবেশনসমূহত বাজেট তথা গণনা সংক্রান্তীয় সংস্কাৰ, অভ্যন্তৰীণ হিচাপ পৰীক্ষা সংস্কাৰ, সহযোগিতামূলক গৱেষণাকে ধৰি সক্ষমতা নিৰ্মাণৰ লগতে কেইবাটাও বিষয় সামৰি লোৱা হ’ব। বিবৃতিটোত লগতে কোৱা হয় যে এই অধিবেশনসমূহত এটা প্রতিযোগিতামূলক আৰু আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা বিভাগ গঢ়ি তোলাৰ বাবে কৌশলগত সমর্থনসহ বিত্তীয় দূৰদৰ্শিতাৰ ক্ষেত্ৰত সমতা ৰক্ষাত সংহত বিত্তীয় উপদেষ্টাসকলৰ শেহতীয়া ভূমিকা সন্দৰ্ভত আলোচনা কৰা হ’ব। প্ৰতিৰক্ষা হিচাপ পৰীক্ষা বিভাগৰ শীৰ্ষ বিষয়া, অসামৰিক সেৱা, শৈক্ষিক বিভাগ, চিন্তাবিদ তথা বিভিন্ন অংশীদাৰীকে ধৰি প্ৰতিৰক্ষা আৰু বিত্তীয় খণ্ডৰ বিভিন্ন পক্ষই এই সন্মিলনত অংশগ্ৰহণ কৰিব। এইবেলি সন্মিলনৰ বিষয়বস্তু হৈছে – প্ৰতিৰক্ষা, বিত্ত তথা অৰ্থনীতিৰ জৰিয়তে বিত্তীয় উপদেশ, ধন আদায়, হিচাপ পৰীক্ষা তথা গণনা ত্বৰান্বিত কৰা। চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, সেনাবাহিনীৰ মুৰববীসকল, প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং, প্ৰতিৰক্ষা সেৱাৰ বিত্তীয় উপদেষ্টা এছ জি ডাষ্টিদাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে কাইলৈ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব
Site Admin | July 6, 2025 7:56 PM | Defence Minister Rajnath Singh
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বাৰা নতুন দিল্লীত নিয়ন্ত্ৰকসকলৰ সন্মিলন ২০২৫ মুকলি
