প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্জেণ্টিনা ভ্রমণ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কালি দেশখনৰ প্ৰসিদ্ধ স্বতন্ত্রতা সেনানী জজ ডি ছেনৰ প্ৰতিমূৰ্তিত শ্রদ্ধার্ঘ নিবেদনেৰে এই ভ্ৰমণৰ পাতনি মেলে। পাছত দেশখনৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইয়ে কাছা ৰছদাত প্রধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। দুয়োগৰাকী নেতাই সংক্ষিপ্ত আলোচনাত মিলিত হয়। ইয়াৰ পাছত দুয়োগৰাকী নেতাৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাত দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ সামৰি লোৱা হয়। বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰাচ্যৰ সচিব পি কুমাৰণে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয়, যে দুয়োগৰাকী নেতাই ব্যৱসায় আৰু বাণিজ্য, প্রযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, স্বাস্থ্য আৰু ভেষজকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতা বৃদ্ধি কৰিবলৈ আৰু উভয় দেশৰ মাজৰ কৌশলগত অংশিদাৰিত্ব গভীৰ কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে। কৃষি সন্দৰ্ভত দুয়ো পক্ষই দুগ্ধজাত আৰু কৃষিজাত সামগ্ৰীসমূহৰ বাবে বজাৰৰ সম্প্ৰসাৰণ আৰু প্ৰযুক্তিৰ ভাগ বাটোৱাৰা তথা বহনক্ষমতাৰ ক্ষেত্ৰত যুটীয়া প্ৰচেষ্টাৰ অন্বেষণ কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে।
স্বাস্থ্য সেৱা সম্পৰ্কে মত প্ৰকাশ কৰি প্ৰধানমন্ত্রী মোদীয়ে বহনক্ষম উচ্চমানৰ ঔষধৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থৰ বিষয়ে আলোকপাত কৰে। তেওঁ ভাৰতৰ আৰ্জেণ্টিনাৰ ভেষজ নিয়ন্ত্ৰণ পৰিকাথামৰ অনুবন্ধ দুইৰ পৰা অনুবন্ধ এক শাখালৈ উন্নীত কৰাৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে। এনে কৰিলে আৰ্জেণ্টিনাৰ জনসাধাৰণৰ বাবে বহনসাধ্য আৰু প্ৰাণৰক্ষী ঔষধৰ উপলভ্যতা সুগম হৈ পৰিব। দুয়োগৰাকী নেতাই শক্তি আৰু দুৰ্লভ খনি খণ্ডৰ সহযোগিতাকলৈও আলোচনা কৰে। ভাৰতৰ বৰ্ধিত শক্তি আৰু ঔদ্যোগীক আৱশ্যকতাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কায়, যে আর্জেণ্টিনা ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ শক্তি সহযোগী ৰূপে পৰিগণিত হোৱাৰ থল আছে। নেতা দুগৰাকীৰ মাজৰ আলোচনাত মহাকাশ ক্ষেত্ৰৰ সহযোগিতাৰ বিষয়টোও স্থান লাভ কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই ২০০৭ চনত উৎক্ষেপন কৰা আৰ্জেণ্টিনাৰ প্ৰথমটো কৃত্রিম উপগ্রহ উৎক্ষেপনৰ পাছত দুয়ো দেশৰ মাজত গঢ়ি উঠা সহযোগিতাৰ এনাজৰীডাল আগবঢ়াই নিবলৈ দুয়ো পক্ষই সন্মতি প্ৰকাশ কৰে। প্রধানমন্ত্ৰীয়ে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পাছত আগবঢ়োৱা সমর্থনৰ বাবে আর্জেণ্টিনাক ধন্যবাদ জ্ঞাপন কৰে। প্রতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত ৰাষ্ট্ৰপতি মিলেয়ে প্রধানমন্ত্ৰীৰ বাবে মধ্যাহ্ন ভোজমেলৰ আয়োজন কৰে। ভোজমেলত দুয়োগৰাকী নেতাই আন্তঃৰাষ্ট্ৰীয় বিগকেট জোঁট আৰু কৃষি, স্বাস্থ্য সেৱা তথা প্ৰকল্প নিৰীক্ষণকে ধৰি বিভিন্ন ক্ষেত্ৰত ড্ৰোণৰ ব্যৱহাৰ সম্পৰ্কে মুক্তভাৱে আলোচনা কৰে। তেওঁলোকৰ খেল ব্যৱস্থাপনাৰ সহযোগিতাকলৈয়ো মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইক শীঘ্ৰে ভাৰত ভ্ৰমণলৈ আমন্ত্রণ জনায়। আৰ্জেণ্টিনাৰ সফল ভ্রমণ সামৰি পাঁচ দেশীয় ভ্ৰমণসূচীৰ চতুৰ্থ পৰ্যায়ত প্রধানমন্ত্ৰী মোদী ইতিমধ্যে ব্রাজিলৰ ৰিঅ’ডি জেনেৰিঅ’ত উপস্থিত হৈছে। এই ভ্রমণকালত শ্ৰী মোদীয়ে সপ্তদশ ব্রিকছ শীৰ্ষ সন্মিলনত ভাগ ল’ব। সন্মিলনত প্ৰধানমন্ত্ৰীয়ে বিশ্বজনীন শাসন ব্যৱস্থা, শান্তি আৰু সুৰক্ষা, বহুপাক্ষিকবাদৰ সম্প্ৰসাৰণ, কৃত্রিম বুদ্ধিমত্তাৰ দায়িত্বশীল ব্যৱহাৰ, জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্রভাব ৰোধ কৰাৰ বাবে লোৱা ব্যৱস্থা, বিশ্বজনীন স্বাস্থ্য, অর্থনৈতিক আৰু বিত্তীয় বিষয় লৈ মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীয়ে সন্মিলনত ভাগ লোৱাৰ আপাহতে কেইবাখনো দ্বিপাক্ষিক বৈঠকতো মিলিত হ’ব। শ্রী মোদী ব্রাজিলৰ ৰাজধানী ব্রাজিলিয়ালৈও যাব। তাত তেওঁ ৰাষ্ট্ৰপতি লুইজ ছিলভাৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন ক্ষেত্ৰত দুয়ো দেশৰ মাজৰ কৌশলগত সহযোগিতা সম্প্ৰসাৰণৰ বিষয় লৈ দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
Site Admin | July 6, 2025 12:27 PM | PM Modi at Argentina
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্জেণ্টিনা ভ্রমণ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে
