ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্ৰীৰ ৰিচাৰ্ড মাৰ্লেছৰে মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছ আজি ভাৰত অস্ট্রেলিয়া সর্বাত্মক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে মত বিনিময় কৰে। অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত শ্রীমোদীক সাক্ষাৎ কৰি সীমান্ত অঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুজত নিজৰ সমৰ্থন ব্যক্ত কৰে। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, উদ্যোগিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখলতা, নতুন আৰু উদীয়মান প্ৰযুক্তিকে ধৰি মূল ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে কয় যে সুস্থিৰ, সুৰক্ষিত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে পৰস্পৰৰ দৃষ্টিভংগী, দ্বিপাক্ষিক সহযোগিতাৰ বাবে অতি প্ৰয়োজনীয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে অষ্ট্ৰেলিয়াত হৈ যোৱা নিৰ্বাচনত লেবাৰ পাৰ্টীৰ ঐতিহাসিক বিজয়ৰ বাবে তেওঁক অভিনন্দন জনায়। তেওঁ ভাৰতত এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আলবানেজক নিমন্ত্রণ জনায়।

অধিক পঢ়ক

সকলো চাওক