ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত দেশৰ এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি নতুন দিল্লীত দেশৰ এন ডি এ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বিজেপিৰ সুপ্ৰশাসন বিভাগে আয়োজন কৰা এই বৈঠকত সুপ্রশাসন ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। বৈঠকত বিজেপি সভাপতি জগত প্রকাশ নাড্ডা, গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এন ডি এ শাসিত ৰাজ্যৰ ২০ গৰাকী মুখ্যমন্ত্ৰী আৰু ১৮ গৰাকী উপ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। বৈঠকত গ্ৰহণ কৰা দুটা প্ৰস্তাৱত ভাৰতীয় সশস্ত্র বাহিনী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অপাৰেশ্বন সিন্দূৰৰ সফলতাৰ বাবে অভিনন্দন জনোৱাৰ উপৰি জাতি পিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হয়। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনাড্ডাই কয়, যে আজি গ্রহণ কৰা প্ৰস্তাৱসমূহত প্ৰতিগৰাকী নেতাই ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিসমূহ উৎখাত কৰাৰ ক্ষেত্ৰত দেখুওৱা সাহস আৰু পৰাক্ৰমক প্ৰশংসা কৰিছে। আজিৰ এই বৈঠকত কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক